
মৰ্মান্তিক! ক’ভিড-১৯ত প্ৰাণ হেৰুৱালে এগৰাকী মহিলা চিকিৎসকে
June 20, 2021নিউজ ডেস্ক। পুনৰ ক’ভিড-১৯ৰ সংক্ৰমণৰ ফলত কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ।
এইবাৰ ৮ মাহৰ অন্তঃসত্ত্বা এগৰাকী মহিলা চিকিৎসকৰ প্ৰাণ কাঢ়ি নিলে ক’ভিডে।

এই দুৰ্ভগীয়া চিকিৎসক গৰাকীৰ হৈছে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ দন্ত চিকিৎসক তথা নাহৰকটীয়াৰ নামফাকিয়াল গাঁৱৰ বাসিন্দা ডাঃ চেঞ্জিং গোহাঁই। বয়স মাত্ৰ ৩৫ বছৰ।
জানিব পৰামতে, যোৱা ১৮ মে’ত ক’ভিড-১৯ৰ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত কৰা হয় ডাঃ গােহাঁইক।
লগে লগে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়।
তাৰ পাছত যোৱা ৬ জুনত চিকিৎসকগৰাকী ক’ভিড-১৯ নিগেটিভ হােৱাত চিকিৎসালয়ৰ পৰা অব্যাহত দিয়া হয়।
কিন্তু পুনৰ চিকিৎসক গৰাকীৰ অক্সিজেনৰ মাত্ৰা কমি যোৱাত ১৫ জনুত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালত ভতি কৰোৱা হয় যদিও শুকুৰবাৰে নিশা মৃত্যু হয়।
জানিব পৰা মতে, মৃত্যুৰ সময়ত চিকিৎসকগৰাকী ৮ মাহৰ গৰ্ভৱতী আছিল।
মৃত্যুৰ সময়ত চিকিৎসকগৰাকীয়ে এটি সন্তান, স্বামীসহ আত্মীয়-স্বজনক এৰি থৈ যায়।
এই ঘটনাই সমগ্ৰ অঞ্চলতে গভীৰ শােকৰ ছাঁ পেলাইছে।