মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত গছৰ ডালৰ আঘাতত অন্তঃসত্বা মহিলাৰ মৃত্যু

মৰ্মান্তিক! কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত গছৰ ডালৰ আঘাতত অন্তঃসত্বা মহিলাৰ মৃত্যু

May 1, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

ধুমুহাৰ মাজতে ছিগি পৰা গছৰ ডালৰ আঘাতত কৰুণ মৃত্যু ঘটিল এগৰাকী অন্তঃসত্বা মহিলাৰ।

নিহত মহিলাগৰাকীৰ নাম অনামিকা ভূঞা (২৮)।

যােৰহাট জিলাৰ তিতাবৰৰ ডফলাটিঙত সংঘটিত হ’ল এই কৰুণ ঘটনা।

জানিব পৰা মতে, শনিবাৰে হঠাতে অহা এজাক ধুমুহাৰ মাজতে প্ৰাণ গ’ল অনামিকা ভূঞা নামৰ প্ৰায় ২৮ বৰ্ষীয় এগৰাকী মহিলাৰ।

আন দিনাৰ দৰে নিজৰ কৰ্মস্থলীৰ পৰা কৰ্ম সম্পাদন কৰি ঘৰলৈ ওভতি অহাৰ পথতেই ডফলাটিং তিনিআলিৰ ওচৰত তীব্ৰ ধুমুহা বতাহৰ বাবেই এজোপা গছৰ ডাল ভাঙি পৰে অনামিকাৰ মুৰত। ফলত মহিলাগৰাকী গুৰুতৰ ভাৱে আহত হয় ।

পিছত স্থানীয় লোকে ততাতৈয়াকৈ ১০৮ এম্বুলেঞ্চ সেৱাৰ যোগেৰে চিকিৎসালয়লৈ লৈ যোৱাৰ ব‍্যৱস্থা কৰে যদিও চিকিৎসালয় নোপোৱাৰ আগতেই অনামিকাই মৃত‍্যুক আকোঁৱালি লয়।

মৃত অনামিকাৰ ঘৰ ডফলাটিং চাহ বাগিচাৰ ৩ নং লাইনত বুলি জানিব পৰা গৈছে ।

এনেদৰে মহিলাগৰাকীৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ।