মৰ্মান্তিক! খেদি অহা বাটৰ কুকুৰৰ ভয়ত দৌৰি পলাবলৈ লওঁতেই দ্ৰুতবেগী ল’ৰীয়ে মহতিয়াই লৈ গ’ল মহিলাক, মৃত্যু

নিউজ ডেস্কঃ কামুৰিবলৈ খেদি অহা বাটৰ কুকুৰৰ পৰা ৰক্ষা পৰিবলৈ দৌৰি পলায়নৰ চেষ্টা কৰোতেই ল’ৰীৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী মহিলাই।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে কেৰালাৰ ৱায়ানডৰ থামাৰাছেৰী। দুৰ্ঘটনাত নিহত মহিলাগৰাকীক চুংগামৰ সমীপৰ অৰ্কিড হিলছ হাউছিং কলনীৰ ফাথিমথু সাজিধা (৩৮) বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, মহিলাগৰাকীয়ে শুকুৰবাৰে পুৱা দুই সন্তান ক্ৰমে সামান আৰু মহম্মদ আৰফিক স্কুল বাছত উঠাই দিবলৈ চুঙাম ৰেঞ্জ বন কাৰ্যালয়ৰ সমীপৰ পথেৰে বাছ ষ্টপেজলৈ গৈ আছিল। তেনে দুটা বাটৰ কুকুৰে তেওঁলোকক খেদি আহে।

ভয়তে দুই সন্তান আৰু মহিলাগৰাকীয়ে দৌৰিবলৈ লওতেই মহিলাগৰাকী পথৰ ওপৰত উজুতি খাই পৰি যায়। আৰু সেই সময়তে এখন দ্ৰুতবেগী ল’ৰী মহিলাগৰাকীৰ গা ওপৰেৰে উঠি যোৱাত ঘটনাস্থলীতে মৃত্যু ঘটে তেওঁৰ।

অন্যহাতে কুকুৰৰ ভয়ত দৌৰিবলৈ লওতে মহিলাগৰাকীৰ দুই সন্তানো পথৰ ওপৰত বাগৰি পৰিছিল যদিও সৌভাগ্যক্ৰমে সেই সময়ত স্কুলবাছখন আহি তেওঁলোকৰ কাষতে ৰোৱাত কথমপি স্কুল বাছত উঠি দুয়োজনে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

বাটৰ কুকুৰৰ ভয়ত পলায়ন কৰিবলৈ লৈ এনেদৰে পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যুৰ ঘটনাই শোকৰ ছাঁ পেলায় সমগ্ৰ অঞ্চলটোত।