মৰ্মান্তিক! গাত উতলা গৰম গাখীৰ পৰি গুৰুতৰভাৱে আহত ডেৰ বছৰীয়া ছেৰা, হাস্পতালত সাৱটিলে মৃত্যুক

মৰ্মান্তিক! গাত উতলা গৰম গাখীৰ পৰি গুৰুতৰভাৱে আহত ডেৰ বছৰীয়া ছেৰা, হাস্পতালত সাৱটিলে মৃত্যুক

September 30, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পাকঘৰত মাতৃৰ কাষত খেলি থকা সময়তে হঠাৎ উতলা গৰম গাখীৰ গাত পৰি গুৰুতৰভাৱে আহত হোৱা এটি ডেৰ বছৰীয়া কণমানিৰ হাস্পতালত মৃত্যু ঘটাৰ পিছতে শোকত ভাগি পৰিছে পিতৃ-মাতৃ।

জানিব পৰা মতে, ১৫ দিন পূৰ্বে কেৰালাৰ কোট্টায়ামৰ নিৱাসী প্ৰিন্স মেথিউ আৰু দিয়া থমাছৰ ডেৰ বছৰীয়া কন্যা ছেৰা মাৰিয়া প্ৰিন্সে মাকৰ সৈতে পাকঘৰত খেলি আছিল।

সেই সময়তে গেছৰ ওপৰত বহুৱাই থোৱা উতলা গাখীৰ অসাৱধানবশতঃ ছেৰাৰ গাত পৰাত গুৰুতৰভাৱে আহত হৈছিল শিশুটি।

লগে লগে পিতৃ-মাতৃয়ে শিশুটিক কোট্টায়মৰে এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায়।

বিগত ১৫ দিন হাস্পতালতে জীৱন-মৃত্যুৰ সৈতে যুঁজি অৱশেষত বৃহস্পতিবাৰে মৃত্যু ঘটে ছেৰা মাৰিয়া প্ৰিন্স নামৰ শিশুটিৰ।

মাতৃৰ অসাৱধানতাৰ বাবে শিশুটিৰ এনেদৰে মৃত্যুত ঘটাত শোকৰ ছাঁ পৰিছে সমগ্ৰ আৱাসিক অঞ্চলটোত।