মৰ্মান্তিক! গুলীচালনাৰ অনুশীলনৰ সময়ত হঠাৎ বিস্ফোৰিত হ’ল টেংকৰ বেৰেল, শ্বহীদ ২ সেনা জোৱান

মৰ্মান্তিক! গুলীচালনাৰ অনুশীলনৰ সময়ত হঠাৎ বিস্ফোৰিত হ’ল টেংকৰ বেৰেল, শ্বহীদ ২ সেনা জোৱান

October 7, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ গুলীচালনাৰ অনুশীলনৰ সময়তে হঠাৎ টেকংৰ বেৰেল বিস্ফোৰণ ঘটি শ্বহীদ হ’ল দুগৰাকীকৈ সেনা জোৱান।

এই শোকাবহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ববিনাৰ ফিল্ড ফায়াৰিং ৰেঞ্জত।

এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে গুলীচালনাৰ অনুশীলন চলি থকাৰ সময়তে হঠাৎ এটা টি-৯০ টেংকৰ নলী বিস্ফোৰিত হয়।

যাৰ ফলত টেংকটোৰ পৰিচালনাত থকা ৰাজস্থানৰ নিৱাসী নায়ব চুবেদাৰ সুমেৰ সিং বগৰীয়া, পশ্চিম বংগৰ সুকান্ত মণ্ডল আৰু প্ৰদীপ যাদৱ নামৰ জোৱান কেইগৰাকী গুৰুতৰভাৱে আহত হয়।

লগে লগে তেওঁলোকক ববিনাৰ মিলিটাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে সুমেৰ সিং বগৰীয়া আৰু সুকান্ত মণ্ডলৰ।

ইফালে বৰ্তমানো চিকিৎসাধীন হৈ আছে আন গৰাকী আহত সেনা জোৱান প্ৰদীপ যাদৱ।

ঘটনা সন্দৰ্ভত সেনাৰ উৰ্ধ্বতন কৰ্তৃপক্ষই তদন্তৰ নিৰ্দেশ দিছে।