মৰ্মান্তিক! ঘন কুঁৱলীৰ বাবেই সংঘটিত হ’ল পথ দুৰ্ঘটনা, মৃত্যু শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোঁহাইৰ…

মৰ্মান্তিক! ঘন কুঁৱলীৰ বাবেই সংঘটিত হ’ল পথ দুৰ্ঘটনা, মৃত্যু শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোঁহাইৰ…

January 3, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ ঘন কুঁৱলীৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু এগৰাকী শৰীৰচৰ্চাবিদৰ।

নাৰায়ণপুৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।

নাৰায়ণপুৰৰ ভোগপুৰ উৰণীয়া সেতুৰ সমীপত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।

ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে ধেমাজিৰ পৰা গুৱাহাটী অভিমুখী বাহন।

দুৰ্ঘটনাটোত থিতাতে নিহত হয় ধেমাজিৰ শৰীৰচৰ্চাবিদ সিদ্ধাৰ্থ বৰগোহাঁই।

আনহাতে দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে পুলকেশ গগৈ নামৰ আন এজন যুৱক।

দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ এএছ ২২ জি ৭৫২৫।