মৰ্মান্তিক! ঘৰত কাম কৰি থকা অৱস্থাত বিষাক্ত সাপৰ দংশনত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰী জিমিতাৰ

মৰ্মান্তিক! ঘৰত কাম কৰি থকা অৱস্থাত বিষাক্ত সাপৰ দংশনত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰী জিমিতাৰ

November 16, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ সৰ্প দংশনত ঘটনাত প্ৰাণ হেৰুৱালে এজনে।

সৰ্প দংশনৰ ঘটনাক সহজভাৱে লােৱাৰ পৰিণতিত চিকিৎসাত পলম হােৱাৰ বাবেই অকালতে প্ৰাণ গ’ল এগৰাকী ১৫ বছৰীয়া কিশােৰীৰ।

এই ঘটনাৰ স্থান শোণিতপুৰ জিলাৰ ৰৌমাৰি।

জানিব পৰা মতে, ৰৌমাৰীৰ মিখাইল ধান আৰু জেছিল ধানৰ কন্যা জিমিতা ধানে দিনৰ প্ৰায় ১২ বজাত নিজ ঘৰতে কাম কৰি থকাৰ সময়তে এডাল সাপে দংশন কৰে।

ঘৰৰ বেৰ মুচিবলৈ কিশােৰীগৰাকীয়ে আগফালৰ পৰা বোকা মাটি আনি ঘৰৰ সন্মুখৰ বেৰখন মুচি আছিল।

তেনে সময়তে কিশােৰীগৰাকীক এডাল সাপে দংশন কৰে। সেই সময়ত ঘৰত নাছিল কিশােৰীগৰাকীৰ পিতৃ-মাতৃ।

ককায়েকৰ স’তে ঘৰত থকা কিশোৰীগৰাকীয়ে প্ৰথমতে এয়া অবিষাক্ত ধোৰা সাপৰ দংশন বুলি ভাবি বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়া নাছিল যদিও সময় অতিবাহিত হোৱাৰ লগে লগে যন্ত্রণা বৃদ্ধি পাবলৈ লয়।

ক্রমান্বয়ে শাৰীৰিক অৱস্থাৰ অৱনতি ঘটা কিশোৰীগৰাকীক প্ৰকৃততে বিষাক্ত ফেটী সাপে দংশন কৰাৰ লক্ষণ স্পষ্ট হোৱাত তেওঁক ততাতৈয়াকৈ তেজপুৰ ব্যাপ্টিষ্ট মিছন হাস্পতাললৈ আনে যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই কিশোৰী জিমিতাৰ মৃত্যু ঘটে।

মৃত কিশােৰীগৰাকী স্থানীয় মানশিৰী হাইস্কুলৰ নৱম শ্ৰেণীত অধ্যনৰত আছিল।

এই ঘটনাই অঞ্চলজুৰি তীব্ৰ শােকৰ ছাঁ পেলাইছে।

সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে এই ঘটনাত শােক প্ৰকাশ কৰি সৰ্প দংশন নাইবা কীট-পতঙ্গৰ আক্ৰমণৰ ঘটনাক সহজভাৱে নলয়, অনতিপলমে চিকিৎসকৰ কাষ চপাৰ বাবে সকলােকে আহ্বান জনাইছে।

লগতে চাওকঃ

মাতৃক হেৰুওৱাৰ ১০ মাহ পিছতে হেৰুৱালে পিতৃকো! নিথৰুৱা হ’ল ছিপাঝাৰৰ কণমানি ভৃগু-নন্দিতা

শোকাবহ! তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ হাস্পতালত মৃত্যু ভাৰতীয় সেনা বিষয়া কৰ্ণেল ৰমেশ ৰাথোৰৰ…