নিউজ ডেস্কঃ পিছদিনা ঘৰলৈ ওভতাৰ কথা। তাৰ পূৰ্বে আগদিনা বজাৰ কৰিবলৈ গৈ বহিঃৰাজ্যত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল অসমৰ পুনমে।
বাংগালুৰুৰ শ্ৰীকৃষ্ণ ইনষ্টিটিউট অৱ টেকন’লজীত বি টেক্ অধ্যয়ন কৰি থকা পুনম দাস নামৰ ছাত্ৰীগৰাকীয়ে শুকুৰবাৰে বিমানযোগে ঘৰলৈ অহাৰ কথা আছিল।
যাৰ বাবে তেওঁ বৃহস্পতিবাৰে দুই-এপদ সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ ওলাই গৈছিল।
কিন্তু তেতিয়াই এখন তীব্ৰবেগী বাছে মহতিয়াই নিয়ে যুৱতীগৰাকীক। যাৰ ফলত থিতাতে প্ৰাণ হেৰুৱায় পুনমে।
উল্লেখ্য যে, বহিঃৰাজ্যত প্ৰাণ হেৰুওৱা পুনম দাসৰ ঘৰ ৰঙিয়াৰ মিলনপুৰত।
পুনমৰ মৃত্যুৰ খবৰ লাভ কৰিয়েই শোকত ভাগি পৰিছে তেওঁৰ পৰিয়াল।
মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৱে সমগ্ৰ ৰঙিয়াতে গভীৰ শোকৰ ছাঁ পেলাইছে।