মৰ্মান্তিক! ছুটিত ঘৰলৈ অহাৰ কথা কৈ ৫ মিনিট পূৰ্বে ভিডিঅ’ কলত কথা পাতিছিল পত্নী-কন্যাৰ সৈতে, তাৰ পিছতে আহিল SSB জোৱান অনুজৰ মৃত্যুৰ বতৰা…

নিউজ ডেস্কঃ ৫ দিন পিছতে কিছু দিনৰ ছুটি লৈ ঘৰলৈ অহাৰ কথা আছিল সশস্ত্ৰ সীমা বলৰ জোৱান অনুজে। মাত্ৰ ৫ মিনিট পূৰ্বে ভিডিঅ’ কলত পত্নী আৰু কন্যাৰ সৈতে কথা পাতি সেই কথা জনাইছিল। কিন্তু তাৰ কিছু সময় পিছতে অনুজৰ মৃত্যুৰ খবৰ লাভ কৰি শোকস্তব্ধ হৈ পৰিছে পৰিয়ালটো। বিশ্বাস কৰিব নোৱাৰা সেই দুঃসংবাদে যেন মুহূৰ্তৰ ভিতৰতে অনুজৰ পৰিয়াললৈ নমাই আনে অমনিশাৰ অন্ধকাৰ।

বিহাৰৰ চাহাৰণপুৰ জিলাৰ ফতেহপুৰ থানাৰ অন্তৰ্হত ৰামখেড়ী গাঁৱৰ নিৱাসী ৩২ বৰ্ষীয় অনুজ কৰ্তব্যৰত আছিল নেপাল সীমান্তৰ সীতামাৰী বিহাৰত। ১০ দিন পূৰ্বে তেওঁলোকৰ কোম্পানীক জম্মু-কাশ্মীৰৰ শ্ৰীনগৰলৈ প্ৰেৰণ কৰা হৈছিল। আৰু তাতেই ঘটে অঘটন!

মঙলবাৰে নিশা কোনো কাৰণত কেম্পৰ চাঁদলৈ গৈছিল অনুজ। আৰু তাৰ পিছতে চাঁদৰ পৰা পৰি মৃত্যুক সাৱটি লয় এছএছবিৰ জোৱানজনে।

ভতিজাকৰ বিবাহ উপলক্ষ্যে ৫ দিনৰ পিছতে ঘৰলৈ আহিবলগীয়া অনুজে মৃত্যুৰ মাত্ৰ ৫ মিনিট পূৰ্বে ভিডিঅ’ কল যোগে পত্নী আৰু কন্যাৰ সৈতে কথা পাতিছিল। সেই সময়ত যথেষ্ট সুখীও আছিল অনুজ। কিন্তু তাৰ পিছতে নিশা প্ৰায় ১২.৩০ বজাত অনুজৰ মৃত্যুৰ খবৰ লাভ কৰে পৰিয়ালে।

উল্লেখ্য যে, অনুজৰ পিতৃ অগ্নি নিৰ্বাপক বাহিনীৰ এএছআই আছিল। অৱসৰৰ দুবছৰ পিছতে মৃত্যু ঘটিছিল পিতৃৰ। আনহাতে অনুজৰ কনিষ্ঠ ভাতৃ অজয়ো ৰে’ল আৰক্ষীত কৰ্মৰত।

এটি ৫ বছৰীয়া কন্যা আৰু এটি ডেৰ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ অনুজৰ আকস্মিক মৃত্যুৰ বাতৰিত ভাগি পৰিছে পত্নী শিখা। কান্দি কান্দি অচেতন হৈ পৰিছে মাতৃও।

জানিব পৰা মতে, জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিছত বিমানযোগে দিল্লীলৈ অনা হ’ব। আৰু তাৰ পিছতে প্ৰেৰণ কৰা হ’ব স্বগৃহলৈ।