মৰ্মান্তিক! ছুটিত ঘৰলৈ আহি কপিলী নৈত মাছ মাৰিবলৈ গৈছিল আৰক্ষী কনিষ্টবল আনন্দ কাঠাৰ, পুৱা উদ্ধাৰ হ’ল মৃতদেহ

মৰ্মান্তিক! ছুটিত ঘৰলৈ আহি কপিলী নৈত মাছ মাৰিবলৈ গৈছিল আৰক্ষী কনিষ্টবল আনন্দ কাঠাৰ, পুৱা উদ্ধাৰ হ’ল মৃতদেহ

September 23, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ কপিলী নৈত মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিল এগৰাকী আৰক্ষীল কনিষ্টবলৰ। এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ পশ্চিম কৰ্বি আংলঙত।

জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলঙৰ তৰাডুবি নিৱাসী ২৩ নং অসম আৰক্ষী (সংৰক্ষিত)ৰ হেড কনিষ্টবল আনন্দ কাঠাৰে ছুটিত ঘৰলৈ আহি বৃহস্পতিবাৰে নিশা ঘৰৰ কাষৰ কপিলী নৈত মাছ মাৰিবলৈ গৈছিল।

কিন্তু তাৰ পিছতে নৈৰ বুকুত সন্ধানহীন হৈ থকা আৰক্ষী জোৱানজনৰ মৃতদেহ শুকুৰবাৰে পুৱা নৈৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজে।

পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষকৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা আৰক্ষী জোৱানৰ এনে আকস্মিক মৃত্যুৱে শোকৰ বন্যা নমাইছে পৰিয়ালটোলৈ। জোৱানজনৰ মৃতদেহ শুকুৰবাৰে উদ্ধাৰ হোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত।