মৰ্মান্তিক! ছুটী লৈ ঘৰলৈ অহা বিএছএফ জােৱান বিপুল স্বৰ্গীয়াৰীৰ ট্ৰাকৰ খুন্দাত মৃত্যু

মৰ্মান্তিক! ছুটী লৈ ঘৰলৈ অহা বিএছএফ জােৱান বিপুল স্বৰ্গীয়াৰীৰ ট্ৰাকৰ খুন্দাত মৃত্যু

November 14, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শোকাৱহ দুৰ্ঘটনা।

কন্যা সন্তানৰ জন্মদিন উদযাপন কৰিবলৈ ছুটীত ঘৰলৈ আহি এক দুৰ্ঘটনাত প্ৰাণ গ’ল বিএছএছ জােৱান বিপুল স্বৰ্গীয়াৰীৰ।

জানিব পৰা মতে, বজালীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰে’লৱে অভাৰব্ৰীজত সােমবাৰে পুৱা এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় জােৱানজনে।

এখন তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় বাইক আৰোহী জােৱানজন।

বিপুল স্বৰ্গীয়াৰীৰ ঘৰ বাক্সাৰ বাৰপেটাত বুলি জানিব পৰা গৈছে।

ইতিমধ্যে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আটক কৰিবলৈ সক্ষম হয় বজালী আৰক্ষী।

জানিব পৰা মতে, বিএছএফৰ ১২ নং বেটেলিয়নত কৰ্মৰত বিপুল স্বৰ্গীয়াৰী নিজ কন্যা সন্তানৰ জন্মদিন উদযাপনৰ বাবে যােৱা ১১ নৱেম্বৰত ছুটী লৈ ওড়িষ্যাৰ পৰা ঘৰলৈ আহিছিল।

এগৰাকী সুদক্ষ ফুটবল খেলুৱৈ বিএছএফ জােৱানজনৰ নশ্বৰ দেহ নিজ ঘৰত আহি পােৱাৰ লগে লগে এক শােকাকুল পৰিৱেশৰ সৃষ্টি হয়।

মৃত্যুৰ সময়ত জােৱানজনে বৃদ্ধ মাতৃ, পত্নী আৰু কন্যা সন্তানক ইহ সংসাৰত এৰি থৈ যায়।