মৰ্মান্তিক! ট্ৰাকৰ সৈতে হুণ্ডাই বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল ৫ বৰযাত্ৰীৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। প্ৰাণ গ’ল ৫ বিবাহযাত্ৰীৰ।

এই দুৰ্ঘটনাৰ স্থান নগাঁও কলিয়াবৰ।

মৃত যুৱককেইজন বিবেক দাস, সমীৰ পাল, বিকাশ শৰ্মা, সন্দীপ কুমাৰ পাল আৰু সঞ্জয় দাস।

নিহত যুৱককেইজনৰ ঘৰ গোলাঘাট জিলাৰ বোকাখাত।

সোমবাৰে নিশা তেজপুৰৰ ৭১৫ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰৰ অভিমুখী UP 37 AT2766 নম্বৰৰ এখন ট্ৰাক আৰু এখন AS 05Q 2683 নম্বৰৰ হুণ্ডাই আওৰা বাহনৰ সৈতে মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘনাটো সংঘটিত হয়।

ফলত গাড়ীখনত থকা ৫ জন যুৱক থিতাতে নিহত হয়।

ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ট্ৰাকখনৰ চালকসহ হেণ্ডিমেন পলায়ন কৰা বুলি জানিব পৰা হৈছে।

এই ঘটনাই সমগ্ৰ বােকাখাততে গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

মৰ্মান্তিক! মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে ৰঙিয়াৰ ডঃ মুনজিৎ দাসে