মৰ্মান্তিক! তীব্ৰবেগী ট্ৰাকৰ সৈতে টেম্পােৰ সংঘৰ্ষত একে পৰিয়ালৰে ৭ জনৰ মৃত্যু

মৰ্মান্তিক! তীব্ৰবেগী ট্ৰাকৰ সৈতে টেম্পােৰ সংঘৰ্ষত একে পৰিয়ালৰে ৭ জনৰ মৃত্যু

January 10, 2023 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

ট্ৰাকৰ সৈতে যাত্ৰীবাহী টেম্পােৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল একেটা পৰিয়ালৰে শিশু-মহিলাসহ ৭ জন লােকৰ।

এই ঘটনাৰ স্থান বিহাৰৰ কটিহাৰ।

জানিব পৰা মতে, সােমবাৰে নিশা বিহাৰৰ গেদাবাৰী-কাটিহাৰৰ ৮১ নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা সংঘটিত হয়।

কাটিহাৰৰ পৰা অহা এখন ট্ৰাকৰ সৈতে বিপৰীত দিশৰ পৰা অহা টেম্পােৰে সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়।

এই ঘটনাত অটোৰিক্সাখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে।

দুৰ্ঘটনাটোৰ পিছত ট্ৰাক চালকজন পলাই যাবলৈ সক্ষম হয়।

প্ৰত্যক্ষদৰ্শীৰ মতে, ট্ৰাকখন অতি তীব্ৰ গতিত আছিল।

ঘটনাৰ প্ৰতিবাদত স্থানীয় লােকে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

এই দুৰ্ঘটনাত কটিহাৰৰ খেৰিয়াৰ বাসিন্দা অৰুণ ঠাকুৰ, তেওঁৰ পত্নী উৰ্মিলা দেৱী, বোৱাৰী পল্লৱী কুমাৰী, দুবছৰীয়া নাতিনী, ভায়েক ধনঞ্জয় ঠাকুৰ আৰু গোলু কুমাৰৰ মৃত্যু ঘটে।

আনহাতে, টেম্পােৰ চালক পাপু পাছােৱানৰাে থিতাতে মৃত্যু ঘটে।

জানিব পৰা মতে, এই লােকসকল মধ্যপ্ৰদেশলৈ যােৱাৰ বাবে ৰে’ল ষ্টেচনল অভিমুখে যাত্ৰা কৰিছিল।