
মৰ্মান্তিক! তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিলে বাইক আৰােহী ছাত্ৰনেতাক, মৃত্যু
November 17, 2022নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা।
তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ গ’ল এগৰাকী ছাত্ৰ নেতাৰ।
এই ঘটনাৰ স্থান লখিমপুৰৰ লালুক।
নিহত ছাত্র নেতাজনৰ নাম অনন্ত বৰা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, নাওবৈচা আঞ্চলিক ছাত্র সন্থাৰ সভাপতিৰ দায়িত্বত আছিল অনন্ত বৰা।
নিশা বাইকেৰে দলহাটৰ ঘৰলৈ গৈ থকা অৱস্থাতে লালুক দহমাইলত দুৰ্ঘটনাত মৃত্যু হয় ছাত্ৰ নেতা গৰাকীৰ।
ছাত্ৰ নেতাগৰাকীৰ মৃত্যুত নাওবৈচাত পৰিছে শোকৰ ছাঁ।