মৰ্মান্তিক! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰােহী যুৱকৰ

মৰ্মান্তিক! তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল বাইক আৰােহী যুৱকৰ

November 27, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে ডাম্পাৰৰ সন্ত্ৰাস।

এইবাৰ সৰুপেটা টাউনত দ্রুতবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু ঘটিল এজন বাইক আৰােহী যুৱকৰ।

জানিব পৰা মতে, ভৱানীপুৰ-মানাহ অভয়াৰণ্য পথৰ সৰুপেটা হস্ততাঁত বিভাগৰ পৰিদৰ্শন কাৰ্যালয়ৰ সন্মুখত শনিবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা।

মৃত যুৱকজন সৰুপেটাৰ সমীপৱৰ্তী বৰবড়ী গাঁৱৰ কাজিম আলীৰ পুত্ৰ কাইমুদ্দিন আলী (২৭)।

কাইমুদ্দিন আলীয়ে সৰুপেটা বজাৰলৈ নিজৰ মোৰ বাইকখনেৰে আহি থাকোঁতে দ্রুতবেগী এ এছ-০১- জে চি-৩০৭৩ নম্বৰৰ ডাম্পাৰখনে মহটিয়াই নিয়াৰ ফলত ঘটনাস্থলীতে মৃত্যু হয়।

দুর্ঘটনাটো সংঘটিত কৰিয়েই ডাম্পাৰৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

উল্লেখ্য যে সৰুপেটা ভৱানীপুৰ অঞ্চলত অবৈধভাবে শিল-বালি কঢ়িওৱা ডাম্পাৰৰ ফলত ইতিমধ্যে বহু লোক নিহত আৰু ঘূণীয়া হ’বলগীয়া হৈছে।

ঘটনাৰ পিছতে স্থানী লােকে ডাম্পাৰসমূহক নাকী লগোৱাৰ বাবে প্ৰশাসনক দাবী জনোৱাৰ লগতে দিনৰ ভাগত ডাম্পাৰ চলোৱাত বাধা প্ৰদান কৰাৰ বাবে জোৰদাৰ দাবী উত্থাপন কৰে।

পাছত সৰুপেটা আৰক্ষী চকীৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহ আৰক্ষী চকীলৈ নি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰু ডাম্পাৰখন জব্দ কৰে।