মৰ্মান্তিক! দুই পুত্ৰক লৈ বাইকেৰে যাত্ৰা কৰা জিলা শ্ৰম বিষয়াক মহটিয়াই নিলে ট্ৰাকে…

মৰ্মান্তিক! দুই পুত্ৰক লৈ বাইকেৰে যাত্ৰা কৰা জিলা শ্ৰম বিষয়াক মহটিয়াই নিলে ট্ৰাকে…

September 2, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শোকাবহ পথ দুৰ্ঘটনা।

দুই পুত্ৰক লৈ বাইকেৰে যাত্ৰা কৰা মঙলদৈৰ জিলা শ্ৰম বিষয়া গৌৰাংগ দাসৰ বাইক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে।

বৃহস্পতিবাৰে নিশা খাৰুপেটীয়াৰ পৰা আহি থকা সময়ত সংঘটিত হয় এই দুৰ্ঘটনা।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত গৌৰাংগ দাসৰ চিকিৎসালয়ত মৃত্যু ঘটে।

সৌভাগ্যক্ৰমে এস দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰে শ্ৰম বিষয়াগৰাকীৰ দুই সন্তানৰ।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা দুই সন্তানক লগত লৈ খাৰুপেটীয়াৰ পৰা মঙলদৈ অভিমুখে আহি আছিল জিলা শ্ৰম বিষয়া গৌৰাংগ দাস।

সেই সময়ত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকত খুন্দা মৰাত বাইকৰ পৰা উফৰি পৰে।

দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত দাসক লগে লগে মঙলদৈ অসামৰিক চিকিৎলায়ত ভৰ্তি কৰোৱা হয় যদিও পুৱতি নিশা হাস্পতালতে মৃত্যু ঘটে শ্ৰম বিষয়াগৰাকীৰ।

এই দুৰ্ঘটনাই সমগ্ৰ মঙলদৈত শোকৰ ছাঁ পেলাইছে।