মৰ্মান্তিক! দুৰ্ঘটনাত যোৰহাটৰ একেটা পৰিয়ালৰ দুজনসহ মুঠ ৪জনৰ মৃত্যু

নিউজ ডেস্ক। ককায়েকৰ চিকিৎসাৰ বাবে ভাতৃয়ে গাঁৱৰে এজনৰ গাড়ী এখন লৈ পুৱা যোৰহাটৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত নেলীত সংঘটিত এক ভয়ানক পথ দুৰ্ঘটনাত ঘটনাস্থলীতে দুজনৰ মৃত্যু হোৱাৰ লগতে দুৰ্ঘটনাত আহত চালকজনক গুৱাহাটীলৈ চিকিৎসাৰ বাবে লৈ যোৱা অৱস্থাতে মৃত্যু হয়।

ঘটনাৰ বিবৰণী মতে, যোৰহাটৰ উপকণ্ঠৰ চিৰতীয়া গাঁৱৰ বাসিন্দা বৃত্তিত পুৰোহিত কাৰ্তিক শৰ্মাৰ (৪৮) চিকিৎসাৰ বাবে ভাতৃ বিজয় শৰ্মাই (৪৫) গাঁৱৰে প্ৰকাশ শৰ্মা বৰদলৈৰ (৩০) মহিন্দ্ৰা টি ইউ ভি এ এছ-০৩টি-৭৭৫৮ নম্বৰৰ গাড়ীখনেৰে পুৱা গুৱাহাটীলৈ গৈ থকা অৱস্থাতে নেলীত টাটা ডি আই পিক্আপ ভান (এ এছ-২১ চি-৩৬০৭) এখনৰে প্ৰচণ্ড সংঘৰ্ষ হয়।

ঘনাস্থলীতে কাৰ্তিক শৰ্মা আৰু গাড়ীচালক প্ৰকাশ শৰ্মাৰ মৃত্যু হয় আৰু স্থানীয় লোকৰ সহযোগত বিজয় শৰ্মাক গুৱাহাটীলৈ লৈ যোৱা অৱস্থাত তেওঁৰো বাটতে মৃত্যু হয়।

এফালে এই ভয়ানক দুৰ্ঘটনাটোত টাটা ডি আইখনৰ চালকজনৰো মৃত্যু হয়।

এনেদৰে ৰোগাক্ৰান্ত ককায়েকৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ গৈ থকা অৱস্থাতে ভাতৃসহ একেখন গাঁৱৰে তিনিজনকৈ লোকৰ অকাল মৃত্যুৰ ঘটনাই আজি যোৰহাটৰ উপকণ্ঠৰ চিৰতীয়া গাঁৱত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

Leave a Comment