মৰ্মান্তিক! দ পুখুৰীত পৰি ছাত্ৰীৰ কৰুণ মৃত্যু, কথমপি প্ৰাণৰক্ষা দুই বান্ধৱীৰ

মৰ্মান্তিক! দ পুখুৰীত পৰি ছাত্ৰীৰ কৰুণ মৃত্যু, কথমপি প্ৰাণৰক্ষা দুই বান্ধৱীৰ

May 24, 2022 0 By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

দ পুখুৰীত পৰিল সলিল সমাধি ঘটিল এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ।

কথমপি প্ৰাণৰক্ষা ছাত্ৰীগৰাকীৰ দুই বান্ধৱীৰ।

এই ঘটনা সংঘটিত হ’ল শিৱসাগৰ জিলাৰ ডিমৌৰ বকতা বৰপিয়ালহাবি গাঁৱত।

জানিব পৰা মতে, গাঁওখনৰ বাসিন্দা ধীৰেণ ফুকন আৰু প্রবৃতি ফুকনৰ কনিষ্ঠ কন্যা তথা নাজিৰাৰ স্বৰাজ একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ্থী কৃষ্ণাক্ষী ফুকনে বিয়লি ৪ মান বজাত লগৰ আন দুগৰাকী বান্ধৱীৰে সৈতে গাঁৱৰ মাজৰ পথাৰত থকা এটা দ পুখুৰীত জলকেলি কৰি থকাৰ সময়তে এই শােকাৱহ ঘটনা সংঘটিত হয়।

দুৰ্ভাগ্যবশতঃ দ পানীত ডুবি কৃষ্ণাক্ষী ফুকনৰ সলিল সমাধি ঘটে।

এই ঘটনাত আন দুগৰাকী বান্ধৱী পাৰলৈ উঠি আহিবলৈ সক্ষম হয় যদিও কৃষ্ণাক্ষী গভীৰ পানীত ডুব যায়।

ঘটনাৰ সময়ত আন কোনো লোক উপস্থিত নথকাত আত্মৰক্ষাৰ বাবে ছোৱালী কেইগৰাকীয়ে চিঞৰিছিল যদিও উদ্ধাৰ কৰিব নোৱাৰিলে।

পিছত গাঁৱৰ লোক গৈ পানীত ডুৱ যোৱা অৱস্থাত কৃষ্ণাক্ষীৰ মৃতদেহ উদ্ধাৰ কৰে।

ঘটনাটোৱে সমগ্ৰ গাঁওখনৰ লগতে বকতা অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।