মৰ্মান্তিক! নাগাৰা নাম পৰিৱেশন কৰি থাকোতেই হঠাৎ অসুস্থ হৈ পৰিল লোকশিল্পী তৰণীকান্ত দত্ত, মৃত্যু

মৰ্মান্তিক! নাগাৰা নাম পৰিৱেশন কৰি থাকোতেই হঠাৎ অসুস্থ হৈ পৰিল লোকশিল্পী তৰণীকান্ত দত্ত, মৃত্যু

October 9, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ কামৰূপ জিলাৰ চাংসাৰিত শোকাবহ ঘটনা।

নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ মৃত্যু এগৰাকী লোক শিল্পীৰ।

শুকুৰবাৰে নিশা সংঘটিত হয় এই শোকাবহ ঘটনা।

জানিব পৰা মতে, শুকুৰবাৰে নিশা দদৰাৰ এটি পৰিয়ালৰ মাংগলিক অনুষ্ঠানত নাগাৰা নাম পৰিৱেশন কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে পাঠক তৰণীকান্ত দত্ত।

স্বাস্থ্যৰ অধিক অৱনতি ঘটাত লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে তৰণীকান্ত দত্তক।

চাংসাৰিৰ সমীপৱৰ্তী কলাকুছি সাতগাঁও হাইস্কুলৰ সহকাৰী শিক্ষক হিচাপেও কৰ্তব্যৰত আছিল তৰণীকান্ত দত্ত।

তদুপৰি নাগাৰা নামৰ শিল্পী হিচাপে অঞ্চলটোত যথেষ্ট জনপ্ৰিয় আছিল তেওঁ।

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰতঃভাৱে জড়িত হৈ অহা লোকশিল্পীগৰাকীৰ আকস্মিক মৃত্যুক শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।

শনিবাৰে তেওঁৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অঞ্চলবাসীৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে।

তাৰ পিছতে জন্মগাঁৱত শেষকৃত্য সম্পন্ন হয় শিক্ষক তথা নাগাৰা নামৰ শিল্পী তৰণীকান্ত দত্তৰ।

মৃত্যুৰ সময়ত তেওঁ পত্নীৰ লগতে এহাল পুত্ৰ-কন্যাক ইহ সংসাৰত এৰি থৈ যায়।