
মৰ্মান্তিক! নৈত গা ধুবলৈ গৈ দুই যুৱকৰ সলিল সমাধি
May 30, 2021নিউজ ডেস্ক। নৈত গা ধুবলৈ গৈ অকাল মৃত্যুক আঁকােৱালি ল’লে দুজন যুৱকে।
সাম্প্ৰতিক ক’ভিড পৰিস্থিতিত সকলােৱে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকাৰ সময়তে সংঘটিত হ’ল আন এক শােকাৱহ ঘটনা।

এই শােকাৱহ ঘটনাৰ স্থান তিনিচুকীয়া চহৰৰ পাৰ্শ্বৱৰ্তী টিংৰাই নৈ।
জানিব পৰা মতে, শনিবাৰে দুপৰীয়া সমনীয়াৰ সৈতে টিংৰাই নৈত গা ধুবলৈ গৈছিল ৰাজ গগৈ (১৮) আৰু নিহাল আচাৰ্য নামৰ দুজন যুৱক।
কিছু সময় পাছতে আন যুৱকসকল গা ধুই ঘৰমুৱা হয় যদিও উভতি নগ’ল ৰাজ গগৈ আৰু নিহাল আচাৰ্য।
ইয়াৰ লগে লগে যুৱক দুজনৰ পৰিয়ালত লাগে হাহাকাৰ।
পাছত ঘটনাস্থলীত উপস্থিত হয় SDRF ৰ দল। আৰম্ভ হয় উদ্ধাৰ অভিযান।
অভিযানকাৰী দলটােৱে নৈখনত ঘণ্টাজুৰি উদ্ধাৰ অভিযান চলাই দুজনৰ মৃতদেহ উদ্ধাৰ কৰে।
জানিব পৰা মতে, যুৱক দুজনৰ ঘৰ ক্ৰমে তিনিচুকীয়াৰ শ্ৰীপুৰীয়াৰ ভাংৰা কালীবাড়ী শ্ৰীপুৰীয়া নেপালী মন্দিৰ এলেকাত।
এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
লগতে চাওকঃ