মৰ্মান্তিক! পত্নী কেন্সাৰ ৰোগী, চিকিৎসাৰ বাবে নিবলৈ বাছৰ বাবে অপেক্ষা কৰি থাকোতেই তীব্ৰবেগী মেজিকে মহটিয়াই নিলে দম্পতীক, মৃত্যু

নিউজ ডেস্কঃ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত পত্নীক চিকিৎসাৰ বাবে নিবলৈ পথৰ দাঁতিত বাছৰ বাবে অপেক্ষা কৰি আছিল এহাল দম্পতী।

সেই সময়তে তীব্ৰবেগী এখন মেজিকে নিয়ন্ত্ৰণ হেৰুৱাই দুয়োকে মহটিয়াই নিয়াত প্ৰাণ হেৰুৱাবলগীয়া হ’ল দম্পতীহালে।

সোমবাৰে পুৱাই এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় ঢেকীয়াজুলিৰ ভোটপাৰা গাঁৱত।

জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা কৰ্কট ৰোগত আক্ৰান্ত পত্নীৰ চিকিৎসাৰ বাবে গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটলৈ আহিবলৈ ওলাইছিল ভোটপাৰা গাঁৱৰ নিৱাসী ঘনুৱা কুৰ্মী (৪৫) আৰু পত্নী বিনকা কুৰ্মী (৪২)।

পুৱতি নিশা তেওঁলোকে পথৰ দাঁতিত ৰৈ গুৱাহাটী অভিমুখী বাছৰ বাবে অপেক্ষা কৰি থাকোতেই এএছ ০২চিচি ৬৭৩৮ নম্বৰৰ এখন তীব্ৰবেগী মেজিকে নিয়ন্ত্ৰণ হেৰুৱাই দম্পতীহালক মহটিয়াই নিয়ে।

এই ভয়ংকৰ দুৰ্ঘটনাত ঘনুৱা কুৰ্মীৰ ঘটনাস্থলীতে মৃত্যু ঘটাৰ বিপৰীতে আহত বিনকা কুৰ্মীক ততাতৈয়াকৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু পৰৱৰ্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰাত হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে বিনকা কুৰ্মীয়েও।

তিনি সন্তানৰ পিতৃ-মাতৃ দম্পতীহালৰ এই আকস্মিক মৃত্যুক এতিয়া দিকহাৰা হৈ পৰিছে তেওঁলোকৰ সন্তান।

জানিব পৰা মতে, দম্পতীহালৰ জ্যেষ্ঠ কন্যাই উচ্চতৰ মাধ্যমিক শ্ৰেণীত অধ্যয়নৰত হোৱাৰ বিপৰীতে দ্বিতীয় আৰু কনিষ্ঠ সন্তান বৰ্তমান ক্ৰমে সপ্তম আৰু ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত হৈ আছে।

পৰিয়ালৰ মূল উপাৰ্জন কাৰী পিতৃ-মাতৃক এনেদৰে পথ দুৰ্ঘটনাত হেৰুৱাই এতিয়া শোকত ভাগি পৰিছে তিনি সন্তান।

লগতে তেওঁলোকৰ ভৱিষ্যতক লৈও এতিয়া উদ্বিগ্ন হৈ পৰিছে অঞ্চলবাসী।

এনে পৰিস্থিতি ঘাটমাউৰা ল’ৰা-ছোৱালী কেইটাৰ দায়িত্ব অসম চৰকাৰক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে অঞ্চলবাসীয়ে।