মৰ্মান্তিক! পথাৰত ভূঁই ৰুই ঘৰলৈ ওভতাৰ পথত বজ্রাঘাতত প্ৰাণ গ’ল ২੦ বছৰীয়া যুৱতীৰ

মৰ্মান্তিক! পথাৰত ভূঁই ৰুই ঘৰলৈ ওভতাৰ পথত বজ্রাঘাতত প্ৰাণ গ’ল ২੦ বছৰীয়া যুৱতীৰ

August 10, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক কৰুণ ঘটনা।

পথাৰত কৃষিকৰ্ম সম্পাদন কৰি ঘৰলৈ ওভতাৰ পথত বজ্ৰপাতত মৃত্যু ঘটিল এগৰাকী ২੦ বছৰীয়া যুৱতীৰ।

এই শােকাৱহ ঘটনাৰ স্থান গোৱালপাৰা জিলাৰ ধনুভাঙা।

জানিব পৰা মতে, ধূপধৰা থানাৰ অন্তৰ্গত ধনুভাঙাৰ মাদাং গাঁৱত পথাৰৰ পৰা ভূই ৰুই ঘৰলৈ উভতি গৈ থকা অৱস্থাত সংগীতা ৰাভা (২০) নামৰ যুৱতীগৰাকী বজ্ৰাঘাতৰ ফলত কৰুণ মৃত্যুক আঁকােৱালি লয়।

এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন এগৰাকী মহিলা।

গাঁৱৰে এগৰাকী লোকৰ খেতিপথাৰত কেইবাগৰাকীও মহিলা আৰু সমনীয়াৰ সৈতে যুৱতীগৰাকীয়ে ভূঁই ৰুবলৈ গৈছিল।

কাম সামৰি বিয়লি পথাৰৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাতে বজ্ৰপাত পৰাত ঢলি পৰে আৰু থিতাতে মৃত্যুক সাৱটি লবলগীয়া হয় যুৱতীগৰাকীয়ে।

অৱশ্যে অন্যান্যসকল বজ্ৰপাতৰ আতংকত যেনি-তেনি দৌৰি পলায় যদিও অনিমা ৰাভা নামৰ আন এগৰাকী মহিলা বজ্রাঘাতত আহত হ’বলগীয়া হয়।

পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত ধূপধৰা আৰক্ষী উপস্থিত হৈ নিহত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি থানালৈ নি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে।

লগতে আহত অনিমা ৰাভা নামৰ মহিলাগৰাকীক স্থানীয় লোকৰ প্ৰচেষ্টাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

যুৱতীগৰাকীৰ আকস্মিক মৃত্যুৰ ঘটনাত বৃহত্তৰ ধনুভাঙা অঞ্চলত গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

মৰ্মান্তিক! নৈত ডুব যােৱা ৯ বছৰীয়া শিখামণিৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু মেনকাৰ, দুয়ােৰে মৃতদেহ উদ্ধাৰ

স্নিগ্ধাশিখাৰ মৃত্যুৰ ঘটনাৰ পিছতে তৎপৰ প্ৰশাসন! মুকলি স্থানত বিদ্যালয়ৰ প্রাতঃসভা বন্ধৰ নিৰ্দেশ