মৰ্মান্তিক! পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰি থকা বিদ্যুতৰ তাঁৰত লাগি গৃহৰক্ষী জােৱানৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। পুনৰ বিদ্যুৎ বিভাগৰ মৰণফান্দত পৰিল প্ৰাণ গ’ল এজন লােকৰ।

এসপ্তাহ পূৰ্বে হাইলাকান্দিত পথৰ ওপৰত বিচ্ছিন্ন হৈ পৰি থকা বিদ্যুতৰ তাঁৰত লাগি শিশুসহ একে পৰিয়ালৰ চাৰিজনৰ মৃত্যুৰ ঘটনাৰ পিছত এইবাৰ চৰাইদেউত সংঘটিত হ’ল অনুৰূপ ঘটনা।

সাপেখাতী বৰুৱানগৰ কছাৰীপথাৰত পথৰ ওপৰত পৰি থকা বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ আহি প্ৰাণ গ’ল এগৰাকী গৃহৰক্ষী জােৱানৰ।

জানিব পৰা মতে, দেওবাৰে সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা মুখ্যমন্ত্ৰীৰ সভাত নিজৰ কৰ্তব্য পালন কৰি নিশা সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি মটৰচাইকেলেৰে কৰ্মস্থান বৰহাটলৈ আহি থকা অৱস্থাত পথৰ ওপৰত পৰি থকা এডাল ১১ হাজাৰ ভল্ট’ৰ তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লয় জােৱানজনে।

মৃত জােৱানজন বৰহাট আৰক্ষী থানাত গৃহৰক্ষী জোৱান হিচাপে কৰ্মৰত হেমন্ত গগৈ। জােৱানজনৰ ঘৰ সাপেখাতীৰ লংপটীয়া গাঁৱত বুলি জানিব পৰা গৈছে।

নিশা অহা এজাক প্ৰচণ্ড ধুমুহা-বতাহৰ ফলতে বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পথৰ ওপৰত পৰি আছিল।

যাৰ ফলত সংঘটিত হ’ল এই শোকাৱহ কৰুণ ঘটনাটো। ঘটনাকলৈ অঞ্চজুৰি শোকৰ ছাঁ পৰিছে।