মৰ্মান্তিক! পূজা মণ্ডপত আলােকসজ্জাৰ কামত নিয়ােজিত যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

মৰ্মান্তিক! পূজা মণ্ডপত আলােকসজ্জাৰ কামত নিয়ােজিত যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু

October 1, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে ঘটিল এক শােকাৱহ ঘটনা।

পূজা মণ্ডপত আলােকসজ্জাৰ কামত নিয়ােজিত হৈ থকা যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু।

এই ঘটনাৰ স্থান কাছাৰ জিলাৰ উদাৰবন্দ কালিবাড়ি ৰোড স্থিত পূজা মণ্ডপ।

মৃত যুৱকজনৰ নাম সুজন দাস। ঘৰ কাছাৰ জিলাৰ বৈৰাগী টিলাত।

জানিব পৰা মতে, সুজন দাস পূজাস্থলীত আলোকসজ্জাৰ কাম কৰিছিল। কামত ব্যস্ত থকাৰ সময়তে হঠাৎ বিদ্যুৎস্পৃষ্ট হয় যুৱকজন।

সংকটজনক অৱস্থাত যুৱকজনক প্ৰথমতে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাই অঞ্চলজুৰি গভীৰ শােকৰ ছাঁ পেলাইছে।