মৰ্মান্তিক! প্ৰতিকূল বতৰৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল পৰ্যটকৰ বাহন, ৭ জনৰ মৃত্যু, আহত ১০

মৰ্মান্তিক! প্ৰতিকূল বতৰৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল পৰ্যটকৰ বাহন, ৭ জনৰ মৃত্যু, আহত ১০

September 26, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ বঞ্জাৰ বিধানসভা সমষ্টিৰ ঘিয়াগীত দেওবাৰে নিশা এখন পৰ্যটকক কঢ়িয়াই নিয়া ট্ৰেভেলাৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰাত দুগৰাকী যুৱতীসহ ৭ জন পৰ্যটকৰ মৃত্যু ঘটে। এই দুৰ্ঘটনাত চালকসহ আন ১০ জন লোক আহত হয়।

জানিব পৰা মতে, দেওবাৰে জালোদী জোটৰ পৰা জিবি অভিমুখে গৈ থকা ইউ পি ১৪ এইচ টি ৮২৭২ নম্বৰৰ ট্ৰেভেলাৰখনে জালোডাৰ সমীপত নিশা প্ৰায় ৮.৩০ বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা ৪০০ মিটাৰ দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ট্ৰেভেলাৰখনত চালকসহ মুঠ ১৭ জন পৰ্যটক আছিল বুলি জানিব পৰা গৈছে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত বঞ্জাৰ আৰক্ষীৰ দল আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। উদ্ধাৰকাৰী দলে নিশা দুপৰলৈকে উদ্ধাৰ অভিযান চলাই ৭ জনৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ১০ জনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ট্ৰেভেলাৰখনত থকা পৰ্যটক সকল ৰাজস্থান, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাৰ নিৱাসী আছিল। আহত আৰু নিহত অধিকাংশই কলেজীয়া ছাত্ৰ-ছাত্ৰী বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাত নিহত সকলক ঋষভ ৰাজ, অংশীকা জৈন, সৌৰভ, প্ৰিয়ংকা গুপ্তা, কিৰণ, আদিত্য আৰু অনামান্য বুলি চিনাক্ত কৰা হৈছে।

অন্যহাতে আহত সকলক মধ্য প্ৰদেশৰ গোৱালিয়ৰ নিৱাসী জয় আগৰৱালা (২২), হাৰিয়ানাৰ ফৰিদাবাদৰ ঈশান (২৩), লক্ষ্ণৌৰ অভিনৱ সিং (২১), কানপুৰৰ নিষ্ঠা (৩০), ৰাজস্থানৰ লক্ষ্য (২১), প্ৰিয়া (২৩), ৰাহুল (২৫), ঋষভ (২২), ক্ষিতিয়া (২৬), অজয় ​​(৪২) বুলি জানিব পৰা গৈছে।

আহত সকলক বৰ্তমান বঞ্জাৰ হাস্পতালত চিকিৎসা চলাই থকা হৈছে।

ইফালে আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰা মতে, আহত সকলৰ ৰাজস্থানৰ নিবাসী লক্ষ্য সিং, কানপুৰৰ নিষ্ঠা বোডানী আৰু আই আই টি-বি এইচ ইউৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰ হাৰিয়ানাৰ ফৰিদাবাদৰ ঈশান গুপ্তাৰ অৱস্থা বৰ্তমানো সংকটজনক।

আৰক্ষীয়ে এই দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান চলাই গভীৰ অন্ধকাৰ আৰু প্ৰতিকূল বতৰৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে।