মৰ্মান্তিক! পৰিয়ালৰ সৈতে বাইকেৰে চাবলৈ গৈছিল মেলা, ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল স্বামী-স্ত্ৰী আৰু কন্যাৰ…

নিউজ ডেস্কঃ মেলা চাবলৈ বুলি ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’লে এহাল স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ কন্যাৰ।

এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ বিলাসপুৰত।

দুই কন্যাৰ সৈতে মাতৃ-পিতৃহালে বাইকেৰে মেলা চাবলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী বাহনে তেওঁলোকক মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত তিনিজনৰ মৃত্যু ঘটাৰ বিপৰীতে আঘাতপ্ৰাপ্ত হয় তেওঁলোকৰ কনিষ্ঠ কন্যা।

জানিব পৰা মতে, মূলতঃ কোটা অঞ্চলৰ লামকেনা গাঁৱৰ নিৱাসী, পেছাত গাড়ী চালক মোহনলাল চাহু (৩৫)য়ে শনিবাৰে পত্নী ঈশ্বৰী চাহু (৩২) আৰু দুই কন্যা ক্ৰমে তৃপ্তি চাহু (১৩) আৰু ভাগৱতী চাহু (৮)ক লগত লৈ বাইকেৰে মেলা চাবলৈ ঘৰৰ পৰা ওলাই গৈছিল।

পৰিয়ালটোৱে পুৱা প্ৰায় ১১ বজাত উছলপুৰ অভাৰব্ৰীজ অতিক্ৰম কৰাৰ সময়তে বিপৰীত দিশৰ পৰা অহা এখন মেটাডৰ বাহনে তেওঁলোকক মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত ঈশ্বৰী চাহুৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় মোহনলাল আৰু জ্যেষ্ঠ কন্যা তৃপ্তি।

ইফালে দুৰ্ঘটনাৰ সময়ত কনিষ্ঠ কন্যা ভাগৱতী বাইকৰ পৰা দূৰৈত চিটিকি পৰাত শিশুটি সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

পিছত আৰক্ষীয়ে তিনিওজনক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱায় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে মোহনলাল আৰু তৃপ্তিৰ।

এই দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।