মৰ্মান্তিক! পৰীক্ষা দি ঘৰলৈ ওভতাৰ তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত প্ৰাণ গ’ল স্কুটী আৰােহী টেট্ শিক্ষকৰ

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা।

এম এ পৰীক্ষা দি ঘৰলৈ ওভতাৰ পথত স্কুটী আৰােহী টেট্ শিক্ষকক পিছফালৰ পৰা মহটিয়াই নিলে ডাম্পাৰে।

এই দুৰ্ঘটনাত প্ৰাণ গ’ল স্কুটী আৰােহী এগৰাকী টে’ট্ শিক্ষক প্ৰদীপ কুমাৰ নাথৰ।

জানিব পৰা মতে, কৰিমগঞ্জত এম এ পৰীক্ষা দি বন্ধুৰ সৈতে স্কুটীত (AS-11-W-6037) উঠি কালাইন অভিমুখে ওভতাৰ পথতে বদৰপুৰ ঘাট স্থিত জঙলা কালিবাৰীৰ প্ৰৱেশ পথৰ সন্মুখত ঘাইপথত এখন তীব্ৰবেগী ডাম্পাৰে (TR-01A-U-1532) স্কুটীখনক পিছফালৰ পৰা মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত টে’ট্ শিক্ষক প্ৰদীপ কুমাৰ নাথৰ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘােষণা কৰে।

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল