মৰ্মান্তিক! বলে’ৰৰ ওপৰত বাগৰি পৰিল চিমেণ্টভৰ্তি ট্ৰাক, বিদ্যালয়ৰ ফাদাৰ, হেড মিষ্ট্ৰেছসহ মৃত্যু ৬ জনৰ…

মৰ্মান্তিক! বলে’ৰৰ ওপৰত বাগৰি পৰিল চিমেণ্টভৰ্তি ট্ৰাক, বিদ্যালয়ৰ ফাদাৰ, হেড মিষ্ট্ৰেছসহ মৃত্যু ৬ জনৰ…

February 27, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ নিৰ্বাচনী ব্যস্ততাৰ মাজতে মেঘালয়ত ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল বিদ্যালয়ৰ ফাদাৰসহ ৬ জনকৈ লোকৰ।

মেঘালয়ৰ নংপুত দেওবাৰে এখন বলেৰ’ বাহনৰ ওপৰত চিমেণ্টভৰ্তি ট্ৰাক বাগৰি পৰাত থিতাতে মৃত্যুক সাৱটি লয় লোক কেইজনে।

জানিব পৰা মতে, বৰমাস্থিত চেইণ্ট জ’নছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফাদাৰসহ ৬ জনকৈ লোকে গৈ থকা এএছ ২৬বি ৭৯০৮ নম্বৰৰ বলেৰ’ বাহনখনৰ ওপৰত বাগৰি পৰে চিমেণ্টভৰ্তি ট্ৰাকখন।

যাৰ ফলত ফাদাৰ মেথিউ দাস, হেড মিষ্ট্ৰেছ মিলগ্ৰীণ ডেণ্টেছ, শিক্ষক মাইৰণ ৰেঞ্জাৰ, ছিষ্টাৰ প্রেমিলা তিৰ্কী, ৰ’জী ন’নগ্রীন আৰু বাহন চালক সঞ্জয় স্বৰ্গীয়াৰীৰ থিতাতে মৃত্যু ঘটে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিহত সকলৰ মৃতদেহ উদ্ধাৰ কৰে।

ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে মেঘালয় আৰক্ষীয়ে।

এই ভয়ংকৰ দুৰ্ঘটনাই চেইণ্ট জ’নছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শোকৰ ছাঁ পেলাইছে।