মৰ্মান্তিক! বাগিচাত বহি অত্যাধুনিক মেচিনেৰে কলম কটা চাই থাকোতেই মেচিনৰ ক্ষুৰধাৰ ব্লেডে ভেদ কৰিলে বুকু, ব্যৱসায়ী ভাইটি কছাৰীৰ মৃত্যু

মৰ্মান্তিক! বাগিচাত বহি অত্যাধুনিক মেচিনেৰে কলম কটা চাই থাকোতেই মেচিনৰ ক্ষুৰধাৰ ব্লেডে ভেদ কৰিলে বুকু, ব্যৱসায়ী ভাইটি কছাৰীৰ মৃত্যু

December 15, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বাগিচাত অত্যাধুনিক মেচিনেকে কলম কটা চাই থাকোতেই কৰুণ মৃত্যুক সাৱটি ল’বলগীয়া হ’ল এগৰাকী চাহ ব্যৱসায়ী তথা সমাজ সেৱকে।

এই মৰ্মান্তিক ঘটনা সংঘটিত হয় তিনিচুকীয়া জিলাৰ ৩নং ডিব্ৰুজানত।

জানিব পৰা মতে, বুধবাৰে পুৱা পেঙেৰী নিৱাসী বিশিষ্ট সমাজসেৱক তথা চাহ ব্যৱসায়ী হিতেশ্বৰ কছাৰী ওৰফে ভাইটি (৫০)য়ে ৩নং ডিব্ৰুজানত থকা নিজা চাহ বাগিচাত অত্যাধুনিক মেচিনেকে শ্ৰমিকে কলম কাটি থকা চাই আছিল।

কিন্তু আকস্মিকভাৱে মেচিনৰ এখন ক্ষুৰধাৰ ব্লেড সুলকি আহি সেই ঠাইৰ পৰা প্ৰায় ২০ ফুট নিলগত চকীত বহি থকা ব্যৱসায়ীজনৰ বুকু ভেদি যায়।

যাৰ ফলত তীব্ৰ ৰক্তক্ষৰণ ঘটা ভাইটি কছাৰীক ততাতৈয়াকৈ তিনিচুকীয়াৰ চিটি হাস্পতাললৈ নিয়া হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই তেওঁৰ মৃত্যু ঘটে।

এগৰাকী সমাজসেৱক তথা সৰবৰহী ব্যক্তি হিচাৰে অঞ্চলটোত অতি জনপ্ৰিয় ভাইটি কছাৰীৰ এনে আকস্মিক মৃত্যুৱে পৰিয়ালৰ লগতে সমগ্ৰ তিনিচুকীয়াবাসীকে শোকস্তব্ধ কৰি তুলিছে।

ব্যৱসায়ীজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰাৰ পিছত স্বগৃহত অসংখ্য লোকৰ উপস্থিতিত শেষকৃত্য সম্পন্ন কৰা হয়।

অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও নিবিড়ভাৱে জড়িত চাহ ব্যৱসায়ীগৰাকীৰ মৃত্যুৱে তেওঁৰ অধীনত কৰ্মৰত ২ শতাধিক শ্ৰমিককো ব্যথিত কৰি তুলিছে।