মৰ্মান্তিক! বানৰ কবলত পৰি ৪ বছৰীয়া শিশুৰ সলিল সমাধি

মৰ্মান্তিক! বানৰ কবলত পৰি ৪ বছৰীয়া শিশুৰ সলিল সমাধি

July 6, 2022 Off By NEWS DESK

নিউজ ডেস্ক। অভূতপূৰ্ব বানে জলপ্ৰলয়ৰ সৃষ্টি কৰিছে সমগ্ৰ বৰাক উপত্যকাত।

বৰাক নৈৰ লগতে উপনৈসমূহৰ বলিয়া বানে দুৰ্বিষহ কৰি তুলিছে স্থানীয় লােকৰ জীৱন।

বানৰ কবলত পৰি অকালতে মৃত্যু ঘটিছে বহু লােকৰ।

ইপিনে, শেহতীয়াকৈ শিলচৰত এটা হৃদয়বিদারক ঘটনাই সকলোৰে চকু সেমেকাই তুলিছে।

বানপানীত ওপঙি থকা অৱস্থাত এটা চাৰি বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা কৰুণ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

ঘটনাটো সোমবাৰে সন্ধিয়া কঠাল পইণ্ট অঞ্চলৰ জিলানি চৌধুৰী লেনত সংঘটিত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, উদ্ধাৰ কৰা মৃতদেহটো শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ জিএনএম মল্লিকা বেগম আৰু মুক্তাৰ আলীৰ পুত্ৰ মাহমুদ ৰহমানৰ(৪) বুলি চিনাক্ত কৰা হৈছে।

জিএনএম মল্লিকা বেগমে কৰ্তব্যৰ পৰা উভতি অহাৰ পিছত ঘৰুৱা কামত ব্যস্ত হৈ পৰে। কিন্তু কিছু সময়ৰ পিছত সন্তানটিক বিচাৰি নাপায় সন্ধান আৰম্ভ কৰে।

বহুত সময় বিচাৰ খোচাৰ কৰাৰ অন্তত শিশুটিক পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

ততাতৈয়াকৈ শিশুটিক চিকিৎসালয়লৈ কেন্দ্ৰলৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

মঙলবাৰে শিশুটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালৰ লোকক গতাই দিয়া হয়।

মল্লিকা বেগমৰ স্থায়ী ঘৰ ডিব্ৰুগড়ত যদিও কৰ্মসূত্ৰে তেওঁ তেওঁৰ পৰিয়ালৰ সৈতে শিলচৰৰ জিলানি লেনত বাস কৰিছিল।

মৃত শিশু মাহমুদ তেওঁৰ পিতৃ-মাতৃৰ দ্বিতীয় সন্তান।

পুত্ৰ শোকত থকা সৰকা হৈ পৰা মল্লিকা বেগমে কয় যে তেওঁ বাৰে বাৰে ডিব্ৰুগড় জিলালৈ স্থানান্তৰিত হ’বলৈ চেষ্টা কৰিছিল যদিও বিফল হৈছিল।

অৱশেষত, তেওঁ নিজ পুত্ৰক হেৰুৱাব লগা হয়।

লগতে চাওকঃ

ভয়ংকৰ দুৰ্ঘটনা! প্ৰতিমা বিসৰ্জনৰ বাবে যােৱাৰ পথত দুৰ্ঘটনাত পতিত মিনি ট্ৰাক…