মৰ্মান্তিক! বালিৰ ছুইমিং পুলত মৃত্যু গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ…

মৰ্মান্তিক! বালিৰ ছুইমিং পুলত মৃত্যু গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ…

July 13, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

পিতৃ-মাতৃৰ সৈতে বহিঃৰাষ্ট্ৰলৈ ফুৰিবলৈ গৈ অকাল মৃত্যুক আকােৱালি ল’লে গুৱাহাটীৰ এগৰাকী মেধাৱী ছাত্ৰই।

মৃত ছাত্ৰজনৰ নাম নিৰ্ণয় শৰ্মা (২੦)।

জানিব পৰা মতে, পিতৃ-মাতৃৰ সৈতে দুদিন পূৰ্বে ইণ্ডোনেছিয়াৰ বালিত উপস্থিত হৈছিল নিৰ্ণয়।

বালিৰ এখন বিলাসী হোটেলৰ ছুইমিং পুলত সোমবাৰে মৃত অৱস্থাত উদ্ধাৰ হয় গুৱাহাটী এইমছৰ ছাত্ৰ নিৰ্ণয় শৰ্মাৰ মৃতদেহ।

জানিব পৰা মতে, নিৰ্ণয় শৰ্মা অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা অনিল শৰ্মা আৰু লেখিকা উষা শৰ্মাৰ পুত্ৰ।

সোমবাৰে দিনৰ ভাগত ছুইমিং পুলত মৃত অৱস্থাত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ।

আশংকা কৰা অনুসৰি, ছুইমিং পুলত সাঁতােৰৰ সময়তে অসুস্থ হৈ ছাত্ৰজনৰ ঘটে।

ইণ্ডোনেছিয়া চৰকাৰে আইনী কার্য সম্পন্ন কৰাৰ পিছতে বুধাবাৰে নিৰ্ণয় শৰ্মাৰ মৃতদেহ অসমত উপস্থিত হােৱাৰ সম্ভাৱনা আছে।

লগতে চাওকঃ

এটা কবিতাই কালসন্ধ্যা নমাই আনিলে বৰ্ষাশ্ৰীৰ জীৱনলৈ! পৰীক্ষালৈ মাজত মাত্ৰ আৰু দুদিন, কিন্তু যোৱা দুমাহ ধৰি কাৰাবন্দী মেধাৱী ছাত্ৰীগৰাকী