মৰ্মান্তিক! বিদেশত গৱেষণাত ব্ৰতী অসমৰ সম্ভাৱনাপূৰ্ণ ৰসায়ন বিজ্ঞানীৰ ক’ভিড-১৯ ত মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

বিদেশত উচ্চ শিক্ষা সম্পূৰ্ণ কৰিবলৈ গৱেষণা কাৰ্যত ব্ৰতী অসমৰ এগৰাকী মেধাবী ছাত্ৰৰ নিজৰ ওপজা ঠাইতে ক’ভিড-১৯ৰ সংক্ৰমণত মৃত্যু।

এই মেধাবী ছাত্ৰ তথা ভৱিষ্যতৰ এজন সম্ভাৱনাপূৰ্ণ বিজ্ঞানীজন হৈছে পংকজলােচন বৰা। বয়স মাত্ৰ ৩২ বছৰ।

তেওঁ যোৰহাট পকামুৰা বৰশইকীয়া গাঁওৰ ৰমনীকান্ত বৰা আৰু পূণ প্ৰভা বৰাৰ একমাত্ৰ পুত্ৰ সন্তান।

দেওবাৰে নিশা ১১ বজাত ক’ভিড-১৯ত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে, জাৰ্মানী আৰু চেক ৰিপাব্লিকৰ দুটা প্ৰখ্যাত প্ৰতিষ্ঠানত যৌথভাৱে ৰসায়ন বিজ্ঞান বিভাগত ডাক্টৰেট (PhD) ৰ বাবে গৱেষণা কৰি শেষ পৰ্যায়ত উপনীত হৈছিল গৱেষক ছাত্ৰ জন।

কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প’ষ্ট ডক্টৰেটৰ বাবে আগ্ৰহী গৱেষক ছাত্ৰ জনে কেইবাটাও উচ্চমানৰ গৱেষণা প্ৰতিষ্ঠানৰ লগত যোগাযোগ অব্যাহত ৰাখিছিল।

সম্প্ৰতি অষ্ট্ৰিয়াৰ ভিয়েনাত কৰ্মৰত গৱেষকজন কেইমাহমান পূৰ্বে স্বগৃহলৈ আহিছিল। কিন্তু সাম্প্ৰতিক কভিড পৰিস্থিতিৰ বাবে তেওঁ যথাসময়ত কৰ্মস্থলীলৈ ঘূৰি যাব নোৱাৰিছিল।

এইবাৰ স্বগৃহৰপৰা উভতি গৈয়ে তেওঁ PhDৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ কথা আছিল।

সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পাছতে তেওঁ লাভ কৰিলেহেঁতেন সন্মানীয় ডক্টৰেট ডিগ্ৰী। সাৰ্থক হ’লহেঁতেন তেওঁৰ অতদিনৰ শ্ৰম আৰু সমাজে লাভ কৰিলেহেঁতেন তেওঁৰ গৱেষণাৰ ফল।

অত্যন্ত মেধাৱী, বিচক্ষণ, ভদ্ৰ, অমায়িক, মিতভাষী, ধৈৰ্যশীল যুৱকজনক অকাল বিয়োগত শোকত ভাগি পৰিছে জন্মস্থানৰ লগতে সমগ্ৰ যোৰহাটবাসী।

লগতে চাওকঃ

অন্য ৰূপত আৰক্ষী! গৃহহীন বৃদ্ধাক নিজেই আহাৰ খুৱালে আৰক্ষী বিষয়াই, সামাজিক মাধ্যমত উচ্চ প্ৰশংসা

Leave a Comment