মৰ্মান্তিক! বিদ্যুৎস্পৃষ্ট হৈ কলেজীয়া ছাত্ৰৰ শােকাৱহ মৃত্যু

মৰ্মান্তিক! বিদ্যুৎস্পৃষ্ট হৈ কলেজীয়া ছাত্ৰৰ শােকাৱহ মৃত্যু

May 28, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যত নিতৌ ক’ভিড-১৯ৰ সংক্ৰমণত শিশুৰ পৰা বৃদ্ধলৈকে বহু লােক আক্ৰান্ত হােৱাৰ লগতে মৃত্যু ঘটিছে বহু সংখ্যক লােকৰ।

এনে ঘটনাই ৰাজ্যবাসীক শোকাৰ্ত কৰি তােলাৰ সময়তে সংঘটিত হ’ল আন এক শােকাৱহ ঘটনা।

মহাবিদ্যালয় বন্ধ হৈ থকাৰ মাজতে আৰ্থিক দুৰৱস্থাৰ বাবে অস্থায়ীভাৱে এটা তৈল কােম্পানীত কাম কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ কৰুণভাৱে মৃত্যু হ’ল মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ লক্ষ্যজিৎ গগৈৰ।

জানিব পৰা মতে, ক’ভিডৰ বাবে মহাবিদ্যালয় বন্ধ হৈ থকাৰ বাবে ONGCৰ তৈল অনুসন্ধানৰ কৰ্মত অস্থায়ীভাৱে কৰ্মৰত হৈ আছিল ছাত্ৰজন।

বৃহস্পতিবাৰে কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হৈ থিতাতে মৃত্যু হয় লক্ষ্যজিৎ গগৈৰ।

বিভিন্ন সামাজিক কামৰ সৈতেও জড়িত যুৱকজনৰ অকাল মৃত্যুৱে শোকৰ ছাঁ পেলাইছে মৰাণত।

মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-কৰ্মচাৰীসকল এই ঘটনাত মৰ্মাহত হৈ পৰিছে ।‌

লগতে চাওকঃ

মৰ্মান্তিক! কৰ্তব্যৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ সেনা জােৱানৰ মৃত্যু