
মৰ্মান্তিক! বিধায়কৰ কাৰ্যালয়ত পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট যুৱক, চিকিৎসালয়ত মৃত্যু
August 16, 2022নিউজ ডেস্ক। ৰাজ্যজুৰি স্বাধীনতা দিৱসৰ আনন্দ-উল্লাসৰ মাজতে কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ উপৰহালীত সংঘটিত হ’ল এক কৰুণ ঘটনা।
পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক হেমাংগ ঠাকুৰীয়াৰ উপৰহালী স্থিত কাৰ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় পতাকা নমাবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আকােৱালি ল’লে এজন যুৱকে।
মৃত স্থানীয় যুৱকজনৰ নাম জিতু ঠাকুৰীয়া। এই যুৱকজন বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কাৰ্যালয়ত কাৰ্যালয় সহায়ক হিচাপে কৰ্মৰত আছিল।

জানিব পৰা মতে, পতাকা উত্তোলন স্থলীৰ নিচেই কাষত আছিল বৈদ্যুতিক তাঁৰ।
বিয়লি যুৱকজনে পতাকাখন নমাবলৈ লওঁতে লােৰ মাৰিডাল বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ পিছত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় জিতু ঠাকুৰীয়া।

যুৱকজনক ততাতৈয়াকৈ মিৰ্জা ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰােৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

কিন্ত দুৰ্ভাগ্যবশতঃ নেমকেয়াৰ হাস্পতালতে কৰুণ মৃত্যুক আঁকোৱালি লয় যুৱকজনে।
মৃত্যুৰ সময়তে জিতু ঠাকুৰীয়াই পত্নীৰ লগতে দুটিকৈ কনমানি সন্তানক ইহ সংসাৰত এৰি থৈ যায়।
এই ঘটনাই স্থানীয় লােকৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।
বিধায়ক হেমাংগ ঠাকুৰীয়াই নিজ কাৰ্যালয়ৰ সহায়ক জিতু ঠাকুৰীয়াৰ এনে আকস্মিক মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।
[…] […]