মৰ্মান্তিক! বিবাহ বাৰ্ষিকীৰ দিনাই শ্ৰেণীকােঠাত ঢলি পৰি শিক্ষকৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

নিজৰ বিবাহ বাৰ্ষিকীৰ দিনটােতে পত্নী-পৰিয়ালক এৰি চিৰদিনৰ বাবে গুচি গ’ল এগৰাকী শিক্ষক।

ৰাজ্যৰ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ চলি থকাৰ মাজতে এই শােকাৱহ ঘটনা সংঘটিত হ’ল শিৱসাগৰ জিলাৰ ডিমৌত।

জানিব পৰা মতে, জিলাখনৰ ডিমৌ খণ্ড প্রাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিমৌৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ নিলগৰ পানীদিহিঙৰ ৫৭ নং বৰগাঁও প্রাথমিক বিদ্যালয়ত এই অঘটন হয়।

৫৭ নং বৰগাঁও প্রাথমিক বিদ্যালয়ত মংগলবাৰে পুৱা প্রায় ১১ বজাত শ্রেণীকোঠাত পাঠদান কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ মজিয়াত ঢলি পৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষক অমৰজিৎ দত্ত (৪৮)।

ইয়াৰ কিছুসময় পিচতে প্রাণ ত্যাগ কৰে শিক্ষকজনে।

অমৰজিৎ দত্ত ডিমৌ সমীপৰ গড়ভগা গাঁও নিবাসী প্রয়াত বুদ্ধেশ্বৰ দত্তৰ পুত্ৰ।

আন দিনাৰ দৰেই বিদ্যালয়ত উপস্থিত হৈ পুৱাৰ প্ৰাৰ্থনা সভাত ছাত্ৰ-ছাত্ৰীৰ সৈতে অংশগ্ৰহণ কৰি শ্ৰেণীকোঠাত পাঠদানত ব্যস্ত হৈছিল।

কিন্তু আকস্মিকভাৱে অসুস্থ হৈ শিক্ষকজনৰ মৃত্যু হোৱাত বিদ্যালয়ৰ প্ৰধান শিক্ষক কৈশ্যৱ ৰাজমেধিৰ লগতে ছাত্ৰ-ছাত্ৰীসকল হতভম্ব হৈ পৰে।

ইফালে অমৰজিৎ দত্তৰ মৃত্যুৰ খবৰ পাই নিজ গৃহ আৰু গড়ভগা গাঁৱত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

এটি পুত্ৰ সন্তানৰ পিতৃ শিক্ষকজনৰ পত্নী বিদ্যালয়খনত উপস্থিত হৈ কান্দোনত ভাগি পৰে।

উল্লেখযোগ্য যে ২৪ মে’ৰ দিনটােতে শিক্ষক অমৰজিৎ দত্তৰ সপ্তম বিবাহবার্ষিকী আছিল।

এই কথা চিঞৰি চিঞৰি অমৰজিতৰ মৃতদেহৰ কাষত কান্দোনত ভাগি পৰে।

এই দৃশ্যই সকলোকে শোকস্তদ্ধ কৰি তোলে।

কিডনীজনিত ৰোগত আক্রান্ত হোৱাৰ বাবে কিছুবছৰ পূৰ্বে পত্নীৰ এটা কিডনী শিক্ষক অমৰজিৎ দত্তৰ শৰীৰত সংৰোপণ কৰা হৈছিল।

উল্লেখ্য যে অহা ২৬ মে’ত বিদ্যালয়খনত অনুষ্ঠিত হ’বলগীয়া গুণোৎসৱৰ প্ৰস্তুতি তথা কামৰ হেঁচাও শিক্ষকজনৰ মৃত্যুৰ কাৰণ হ’ব পাৰে বুলি একাংশ লোকে প্রতিক্রিয়া ব্যক্ত কৰিছে।

Leave a Comment