মৰ্মান্তিক! ব্যক্তিগত হাস্পতালত সন্তান প্ৰসৱৰ এদিন পিছতে আকস্মিক মৃত্যু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ ৰুমী কাকতিৰ

মৰ্মান্তিক! ব্যক্তিগত হাস্পতালত সন্তান প্ৰসৱৰ এদিন পিছতে আকস্মিক মৃত্যু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডঃ ৰুমী কাকতিৰ

August 27, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

হাস্পতালত সন্তান প্ৰসৱৰ এদিন পিছতে মৃত্যু ঘটিল প্ৰসূতিৰ।

নলবাৰীৰ এখন ব্যক্তিগত হাস্পতালত সংঘটিত হয় এই ঘটনা।

এই ঘটনাক কেন্দ্ৰ কৰি হাস্পতালৰ চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

জানিব পৰা মতে, নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ ৰুমী কাকতি প্ৰসূতিজনিত কাৰণত তিনিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল নলবাৰীৰ শুশ্ৰুষা হাস্পতালত।

২৫ আগষ্টত অধ্যাপিকাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে।

সেইদিনা মাতৃ-পুত্ৰ দুয়োজনেই সুস্থ আছিল যদিও ২৬ আগষ্টত হঠাৎ ৰুমী কাকতিৰ ৰক্তচাপ বৃদ্ধি পোৱাত হাস্পতালৰ আইচিইউত তেওঁক ভৰ্তি কৰোৱা হয়।

পুৱাৰ ভাগলৈকে সুস্থ হৈ থকা মহিলাগৰাকীক আইচিইউত ভৰ্তি কৰোৱাৰ পিছতে সন্ধিয়া মৃত ঘোষণা কৰে চিকিৎসকে। যাৰ ফলত চিকিৎসকৰ গাফিলতিৰ অভিযোগ তুলি হাস্পতাল চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে অধ্যাপিকাগৰাকীৰ পৰিয়ালে।

প্ৰসূতি গৰাকীৰ এই আকস্মিক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ অৱশেষত হাস্পতালত আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়।

মাত্ৰ এদিনীয়া সন্তানটোক এৰি এনেদৰে অধ্যাপিকা ড০ ৰুমী কাকতিয়ে মৃত্যুক আঁকোৱালি লোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ নলবাৰীত।

সমান্তৰালভাৱে অধ্যাপিকাগৰাকীৰ মৃত্যুত মৰ্মাহত হৈছে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত ও পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলো।