মৰ্মান্তিক! মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে ৰঙিয়াৰ ডঃ মুনজিৎ দাসে

মৰ্মান্তিক! মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈ আকস্মিক মৃত্যুক সাবটিলে ৰঙিয়াৰ ডঃ মুনজিৎ দাসে

November 22, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

মধুচন্দ্ৰিকাৰ যাপনৰ বাবে ছিক্কিমৰ গেংটকলৈ গৈ প্ৰাণ গ’ল সদ্য বিবাহিত উচ্চ শিক্ষিত যুৱকৰ।

জানিব পৰা মতে, ৰঙিয়া চহৰৰ শান্তিপুৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী শম্ভুৰাম দাসৰ জ্যেষ্ঠ পুত্র মুনজিৎ দাসে (৩৪) সদ্যবিবাহিত পত্নীক লৈ মধুচন্দ্ৰিকা যাপনৰ বাবে গেংটকলৈ গৈছিল।

গেংটকৰ পৰা উভতি অহাৰ পথত যোৱা ১৯ নৱেম্বৰত উশাহ-নিশাহত কষ্ট অনুভৱ কৰে ন-দম্পতীয়ে।

পত্নীয়ে প্ৰাথমিক চিকিৎসাৰ অন্তত সুস্থ হৈ যদিও অৱস্থা গুৰুতৰ হৈ পৰে মুনজিৎ দাসৰ।

ইয়াৰ পিছতে মুনজিতক কোচবিহাৰৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও নিশা তাতেই শেষ নিশ্বাস ত্যাগ কৰে।

সােমবাৰে পুৱা তেওঁৰ মৃতদেহ ৰঙিয়া আহি পোৱাৰ পিচতে হিন্দু শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়।

উল্লেখ্য যে অতি মেধাৱী আৰু এমটেক ডিগ্ৰীধাৰী মুনজিৎ দাসে অলপতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডিগ্রীও লাভ কৰিছিল।

সম্প্ৰতি তেওঁ ৰঙিয়াত থাকিয়েই আমেৰিকান কোম্পানী এটাৰ প্ৰজেক্টত কাম কৰি আছিল।

মেধাৱী যুৱকজনৰ মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

ভাগ্যৰ খেল! হাউলী ৰাস মহোৎসৱৰ লটাৰী খেলত প্ৰথম পুুৰস্কাৰ AUDI A4 লাভ আৰক্ষী কনিষ্টবল জনাৰ্দন বড়োৰ…