
মৰ্মান্তিক! মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া অংশ ল’বলৈ যােৱাৰ পথত দুৰ্ঘটনাত জীয়ৰী, সম্পৰ্কীয় ভাতৃৰ কৰুণ মৃত্যু
September 2, 2022নিউজ ডেস্কঃ সদ্যপ্ৰয়াত মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ গৈ থকাৰ সময়তে এক ভয়ংকৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ’ল কন্যা আৰু সম্পৰ্কীয় ভাতৃৰ। এই শোকাবহ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ বেতুলত।
জানিব পৰা মতে, অলপতে মৃত্যু ঘটিছিল ভূপালৰ গৌতম নগৰৰ নিৱাসী ছায়া কাৰলে (৩২) নামৰ মহিলাগৰাকীৰ মাতৃৰ। শুকুৰবাৰে সম্পৰ্কীয় ভাতৃ ভাস্কৰ বুম্বলে (২২)ৰ সৈতে দুয়োজনে মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ বুলি ভূপালৰ পৰা ছিণ্ডাৱাড়াৰ পাণ্ডুৰ্ণালৈ ৰাওনা হৈছিল।

কিন্তু বেতুলৰ খাম্ভৰা টোলৰ সমীপত তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা লেন পাৰ হৈ আনটো লেনেৰে বিপৰীত দিশৰ পৰা আহি থকা এখন ট্ৰলীত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষত সম্পূৰ্ণৰূপ্ বিধ্বস্ত হৈ পৰে তেওঁলোকৰ।
দুৰ্ঘটনাৰ ফলত যুৱকজনৰ ঘটনা স্থলীতে মৃত্যু ঘটে যদিও স্থানীয় লাইজে মহিলাগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে ছায়া কাৰলেৰো।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে ট্ৰলীখনৰ চালকজনে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।
এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। মাতৃৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নৌহওঁতেই পথ দুৰ্ঘটনাত কন্যাৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰি তুলিছে পৰিয়ালটোকো।
[…] […]
[…] […]