মৰ্মান্তিক! মাতৃৰ শৰীৰত প্ৰৱাহিত হ’ল বিদ্যুৎ, মাতৃৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কন্যাৰাে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

মৰ্মান্তিক! মাতৃৰ শৰীৰত প্ৰৱাহিত হ’ল বিদ্যুৎ, মাতৃৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কন্যাৰাে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু

August 27, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক কৰুণ ঘটনা।

বিদ্যুৎস্পৃষ্ট হৈ অকাল মৃত্যুক সাৱটি ল’লে দুই মাতৃ-কন্যাই।

এই শােকাৱহ ঘটনাৰ স্থান বিশ্বনাথ জিলাৰ পূব ভিৰৰ গােৱালতলী অঞ্চল।

জানিব পৰা মতে, গা ধােৱাৰ পিছত তাঁৰত কাপোৰ মেলিবলৈ যাওঁতেই বিদ্যুৎস্পৃষ্ট হয় মাতৃ লালভানু খাতুন (৩৪)।

তাকে দেখি মাতৃক বচাবলৈ যায় কণমানি কন্যাইও। কিন্তু ৰক্ষা নপৰিল দুয়োজন।

মাতৃক বচাবলৈ গৈ একেলগে বিদ্যুৎস্পৃষ্ট হৈ প্ৰাণ হেৰুৱাবলগীয়া হ’ল মাতৃ-কন্যাই।

এই দুৰ্ঘটনা পত্নী-কন্যাক হেৰুৱাই শােকত ভাগি পৰিছে স্থানীয় ফইজুল আহমেদ নামৰ লােকজন।

এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লালভানুৰ ১০ বছৰীয়া কন্যাৰ নাম ফৰিদা খাতুন।

ইফালে এই ঘটনাৰ পিছতে স্থানীয় ৰাইজ উপস্থিত হৈ লালভানু খাতুনৰ ঘৰৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি মাতৃ-কন্যা দুয়োজনকে উদ্ধাৰ কৰি বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে দুয়োজনকে মৃত ঘোষণা কৰে।

লালভানুৰ ঘৰৰ মিটাৰৰ বিদ্যুৎ প্ৰবাহিত তাঁৰ ছিঙি কাপোৰ মেলা তাঁৰত লাগি থকাৰ ফলতেই এই শোকাবহ ঘটনা সংঘটিট হোৱা বুলি জানিব পৰা গৈছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক প্ৰদান কৰা বিনামূলীয়া বিদ্যুৎ সংযোগৰ তাঁৰ অতি নিম্নমানৰ হোৱাৰ বাবেই এই শোকাবহ ঘটনা সংঘটিত হয়।

মাতৃ-কন্যাৰ এনেদৰে একেলগে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটাৰ ঘটনাই সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে।