মৰ্মান্তিক! মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে গৃহৰক্ষী জােৱান ৰণ্টু মেধিয়ে…

মৰ্মান্তিক! মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে গৃহৰক্ষী জােৱান ৰণ্টু মেধিয়ে…

August 21, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ চৰম পথ বাছি ল’লে এজন আৰক্ষী জােৱানে।

মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বেৰেকত দেওবাৰে পিষ্টলেৰে নিজৰ মূৰত গুলীয়ায় গৃহৰক্ষী জােৱান ৰণ্টু মেধিয়ে।

মৃত গৃহৰক্ষী জােৱানজনৰ ঘৰ মৰিগাঁও জিলাৰ কাঁহিবাৰীত বুলি জানিব পৰা গৈছ।

ইফালে, এই জােৱানজনে কিয় চৰম পথ বাছি ল’লে সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও সন্দেহ কৰা মতে ব্যক্তিগত সমস্যাৰ সৈতে যুঁজি থকাৰ বাবেই জোৱানজনে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।

মৰিগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বেৰেকত এজন গৃহৰক্ষীৰ এই আত্মহত্যাৰ ঘটনাই সমস্ত ৰাইজৰ মাজত এক আলোড়নৰ লগতে বিভিন্ন প্ৰশ্নৰো অৱতাৰণা কৰিছে।

জােৱানজনৰ মৃতদেহ মৰণােত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।