মৰ্মান্তিক! মেলা চাই ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাহনে মহটিয়াই লৈ গ’ল মাতৃ-কন্যাক, হাস্পতালত মৃত্যু কন্যা বৈষ্ণৱীৰ…

মৰ্মান্তিক! মেলা চাই ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাহনে মহটিয়াই লৈ গ’ল মাতৃ-কন্যাক, হাস্পতালত মৃত্যু কন্যা বৈষ্ণৱীৰ…

February 25, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ ওচৰৰ গাঁৱত আয়োজিত মেলা চাবলৈ একেলগে গৈছিল মাতৃ-কন্যাই।

দিনটো মেলাত পাৰ কৰি সন্ধিয়া ঘৰলৈ ওভতাৰ পথতে সংঘটিত হ’ল এক হৃদয় বিদাৰক ঘটনা।

পথ পাৰ হ’বলৈ লোৱাৰ সময়তে তীব্ৰবেগী বাহনে মাতৃ-কন্যাক মহটিয়াই নিয়াত গুৰুতৰভাৱে আহত হয় দুয়োগৰাকী।

পিছত আহত মাতৃ-কন্যাক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে কন্যাৰ।

এই হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কানপুৰত।

জানিব পৰা মতে, কানপুৰৰ মহাৰাজপুৰ থানা এলেকাৰ খুজাউপুৰ গাঁৱৰ নিৱাসী আলোক কুশ্বৱাহাৰ পত্নী ছোনী কুশ্বৱাহাই ১৯ ফেব্ৰুৱাৰীত ১২ বছৰীয়া কন্যা বৈষ্ণৱীৰ সৈতে চৰছাউল মেলা চাবলৈ গৈছিল।

তেওঁলোকে সন্ধিয়া মেলা চাই উভতি অহাৰ সময়ত ৰুমা এক্সিগে কলেজৰ সমীপত পথ পাৰ হ’বলৈ লওতেই ফতেহপুৰৰ দিশৰ পৰা অহা এখন বাহনে দুয়োকে মহটিয়াই নিয়ে।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মাতৃ-কন্যাক অন্য পথচাৰীয়ে স্থানীয় হাস্পতাললৈ লৈ যায় যদিও কন্যা বৈষ্ণৱীৰ অৱস্থা অধিক সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে কানপুৰলৈ প্ৰেৰণ কৰে।

শুকুৰবাৰে সন্ধিয়া হাস্পতালতে চিকিৎসাধীন অৱস্থাত মৃত্যুক সাৱটি লয় বৈষ্ণৱীয়ে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰা বাহন আৰু চালকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।