মৰ্মান্তিক! যমজ পুত্ৰ-কন্যাৰ জন্মদিনৰ দিনাই ছিক্কিমত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ শ্বহীদ হ’ল সেনা জোৱান চৰণ সিং…

নিউজ ডেস্কঃ বৃহস্পতিবাৰে ছিক্কিমৰ গেমা অঞ্চলত সংঘটিত ভাৰতীয় সেনাৰ বাহন দুৰ্ঘটনাত শ্বহীদ হ’ল ১৬ জনকৈ জোৱান।

ছিক্কিমত শ্বহীদ হোৱা জোৱান সকলৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ ললিতপুৰৰ নিৱাসী ভাৰতীয় সেনা জোৱা চৰণ সিঙো।

যমজ পুত্ৰ-কন্যাৰ জন্মদিনৰ দিনাই পথ দুৰ্ঘটনাত পতিত হৈ ছিক্কিমত শ্বহীদ হয় চৰণ সিং।

এই খবৰ লাভ কৰি এতিয়া শোকত ভাগি পৰিছে পৰিয়াল।

উল্লেখ্য যে, ললিতপুৰৰ সৌজানা চহৰৰ থাক্ৰাছৰ নিৱাসী চৰণ সিঙে (৩৫) ২০০৪ চনত ভাৰতীয় সেনাত যোগদান কৰিছিল।

বৰ্তমান সেনাৰ ২৬ নায়ক ইউনিটত ছিক্কিমত কৰ্তব্যৰত হৈ আছিল জোৱানগৰাকী।

জানিব পৰা মতে, দুমাহ পূৰ্বে তেওঁ ছুটিত আহিছিল ঘৰলৈ। তাত এমাহ থকাৰ পিছত ১ ডিচেম্বৰত পুনৰ কৰ্তব্যস্থলী ছিক্কিমলৈ উভতি আহিছিল।

ইফালে দুই যমজ সন্তানৰ জন্মদিনৰ বাবে বৃহস্পতিবাৰে নিশাই তেওঁ ফোন কৰি পুত্ৰ-কন্যাক জনাইছিল জন্মদিনৰ শুভেচ্ছা।

শুকুৰবাৰে ঘৰত জন্মদিন উপলক্ষে আয়োজন কৰা হৈছিল অনুষ্ঠানৰ। ঘৰলৈ নিমন্ত্ৰণ জনোৱা হৈছিল ওচৰ চুবুৰীয়াক।

কিন্তু জন্মদিনৰ এনে সুখৰ পৰিৱেশৰ মাজতে চৰণ সিঙ শ্বহীদ হোৱাৰ খবৰ লাভ কৰাত ভাগি পৰে পৰিয়ালটো।

জোৱানজনৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলায়।

দেওবাৰে শ্বহীদ জোৱান চৰণ সিঙৰ নশ্বৰ দেহ স্বগৃহলৈ অনাৰ পিছত ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ’ব।