মৰ্মান্তিক! শিৱ মন্দিৰলৈ গৈ থকা সময়তে বাহনত শ্বৰ্ট চাৰ্কিট হৈ ১০ জনৰ মৃত্যু, আহত ১৬ জন

নিউজ ডেস্কঃ ‘কানৱাৰ যাত্ৰা’ উপলক্ষ্যে গৈ থকা সময়তে এখন পিকআপ বাহনৰ ডিজে চিষ্টেমৰ জেনেৰেটৰৰ তাঁৰত সংঘটিত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিদগ্ধ হৈ মৃত্যু ঘটে ১০ জনকৈ শিৱ ভক্তৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে পশ্চিমবংগৰ কোচ বিহাৰত। দেওবাৰে মাজনিশা শিৱ মন্দিৰলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

জানিব পৰা মতে, পিকআপ বাহনখনেৰে যাত্ৰা কৰি আছিল মুঠ ২৭ গৰাকী যাত্ৰীয়ে। কিন্তু গাড়ীখনৰ পিছফালে স্থাপন কৰা জেনেৰেটৰৰ তাঁৰত শ্বৰ্ট চাৰ্কিট হোৱাৰ ফলত ১৬ জন লোক অগ্নিদগ্ধ হয়। যাৰ ফলত ১০ জন ভক্তৰ মৃত্যু ঘটে।

মঠভঙাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে, তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয় আৰু আহত সকলক জলপাইগুৰিস্থিত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে পলায়ন কৰে চালকজন।

মেখালীগঞ্জ থানা এলেকাৰ ধৰ্লা দলঙত সংঘটিত হয় এই দুৰ্ঘটনা। মাতাভঙাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিত বাৰ্মাৰ মতে, দেওবাৰে নিশা প্ৰায় ১২ বজাত পিকআপখন জলপেশলৈ গৈ আছিল, তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। আহত সকলক প্ৰথমে ওচৰৰ চাংগৰবন্ধা চিকিৎসালয়লৈ অনা হয়। ইয়াৰ পৰা ১৬ জনক সংকটজনক অৱস্থাত জলপাইগুৰিস্থিত হাস্পতাললৈ প্ৰেৰণ কৰা হয়।

নিহত আৰু আহত আটাইকেইজন সীতালকুছি থানা এলেকাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বাহনখন জব্দ কৰা হৈছে বুলি এ এছ পি গৰাকীয়ে জানিবলৈ দিয়ে। দুৰ্ঘটনাৰ সঠিক কাৰণ জানিব পৰাকৈ চালকজনৰ সন্ধান চলি আছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুৰ্ঘটনাত পতিত হোৱা লোকসকলে জলপেশৰ শিৱ মন্দিৰলৈ পানী আগবঢ়াবলৈ ওলাই গৈছিল, সেই সময়তে তেওঁলোকৰ গাড়ীত অগ্নিকাণ্ড সংঘটিত হয়।

আহতসকলে জনোৱা মতে, পিকআপত ডিজে বজাই আছিল। তাৰপিছত হঠাতে চাংৰা বান্ধত ধৰলা নৈৰ দলং পাৰ হোৱাৰ লগে লগে কেইবাজনো তীৰ্থযাত্ৰী অচেতন হৈ পৰে। সেয়া দেখি চালকজনে পিকআপ গাড়ীখন লৈ চাংগ্ৰা বান্ধাৰ চিকিৎসালয়লৈ যায়।

১০ জন লোকক মৃত ঘোষণা কৰা হয়। আহত সকলে জেনেৰেটৰৰ পৰা শ্বৰ্ট চাৰ্কিটৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য কৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! বাছক অভাৰটেকৰ সময়ত দুৰ্ঘটনা, অল্টাে বাহন খালত পৰি দুই কন্যাসহ পিতৃৰ কৰুণ মৃত্যু