মৰ্মান্তিক! সন্তানক গাখীৰ দি থাকোতেই বাছৰ চকাই পিষ্ট কৰে মাতৃ-পুত্ৰক, মৃত্যু

মৰ্মান্তিক! সন্তানক গাখীৰ দি থাকোতেই বাছৰ চকাই পিষ্ট কৰে মাতৃ-পুত্ৰক, মৃত্যু

December 25, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ছত্তীশগড়ৰ গৰিয়াবন্দ জিলাত শোকাবহ ঘটনা।

সন্তানক গাখীৰ দি থাকোতেই বাছৰ চকাৰ তলত পিষ্ট হ’ল মাতৃ-পুত্ৰ।

দুৰ্ঘটনাত মৃত্যু দুয়োৰে।

মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো।

জানিব পৰা মতে, ভিলাইৰ কোহকা নিৱাসী সুমন সাহু নামৰ মহিলাগৰাকীয়ে তেওঁৰ ৫ মহীয়া পুত্ৰক কোলাত লৈ গাঁৱৰ অন্য লোকৰ সৈতে শনিবাৰে গৰিয়াবাদৰ জতমাই মাতা মন্দিৰ দৰ্শনৰ বাবে গৈছিল।

গৈ পোৱাৰ পিছত কেঁচুৱাটোৱে কান্দিবলৈ ধৰাত এখন ৰৈ থকা বাছৰ পিছফালে বহি কেঁচুৱাটোক স্তনপান কৰোৱাই আছিল সুমন সাহুৱে।

কিন্তু সেই সময়তে বাছ চালকে বাছখন পিছুৱাই দিয়াত পিছফালে বহি থকা মাতৃ-পুত্ৰক পিষ্ট কৰে বাছৰ চকাই।

এই ঘটনাত মহিলাগৰাকীৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে কণমানি শিশুটিক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰা হয় যদিও পিছত শিশুটিৰো মৃত্যু ঘটে।

ঘটনাৰ পিছতে গৰিয়াবন্দ জিলাৰ চুৰা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।