মৰ্মান্তিক! স্বামীৰ চিতাগ্নি জ্বলি থাঁকােতেই পত্নীৰাে মৃত্যু

নিউজ ডেস্ক। এক হৃদয় বিদাৰক ঘটনা। স্বামীৰ চিতাগ্নি জ্বলি থাঁকােতেই মৃত্যু ঘটিল পত্নীৰাে।

এই ঘটনাৰ স্থান লখিমপুৰ জিলাৰ হাৰমতী।

কেইটামান ঘণ্টাৰ অগা-পিছাকৈ মৃত্যু ঘটিল এহাল দম্পতীৰ।

এনে মৰ্মান্তিক ঘটনাই বৃহত্তৰ অঞ্চলবাসী ৰাইজক শােকান্বিত কৰি তুলিছে।

9-13

জানিব পৰা মতে, হাৰমতী বজাৰৰ ব্যৱসায়ী (কমাৰ) উমাকান্ত ধৰ(৬১)ৰ শনিবাৰে নিশা ১২.২੦ বজাত মৃত্যু ঘটে।

ইয়াৰ পাছত দেওবাৰে পুৱা তেওঁৰ মৃতদেহ শ্মশানলৈ নি চিতাত জুই দিয়াৰ পাছতে পুৱা ৮ মান বজাত হৃদয়ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে পত্নী অঞ্জনা ধৰ (৪৬)ৰ।

জানিব পৰা মতে, প্ৰয়াত উমাকান্ত ধৰ কেইবছৰমান পূৰ্বে কৰ্কট ৰােগত আক্ৰান্ত হৈছিল যদিও উন্নত চিকিৎসাৰ পাছত সুস্থ হৈ উঠিছিল।

কিন্তু কেইদিনমানৰ পৰা লােকজনৰ স্বাস্থ্যৰ অৱনতি ঘটি আকস্মিকভাৱে মৃত্যু হয়। স্বামীৰ মৃত্যুক সহজভাৱে ল’ব নােৱাৰি যকৃৎ ৰােগত আক্ৰান্ত পত্নীৰাে অকাল মৃত্যু হয়।

মৃত্যুৰ সময়ত তিনিগৰাকী জীয়াৰীসহ দুজন পুত্ৰক ইহ সংসাৰত এৰি থৈ যায় দম্পতীহালে।

এনে মৰ্মান্তিক ঘটনাই শোকাচ্ছন্ন হৈ পৰিছে অঞ্চলবাসী।

Leave a Comment