
মৰ্মান্তিক! হাস্পতালত ভিতৰত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত মৃত্যু চিকিৎসক দম্পতীসহ ৬ জনৰ…
January 28, 2023নিউজ ডেস্ক। এক অতি কৰুণ ঘটনা।
মাজনিশা হাস্পতালত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডই প্ৰাণ কঢ়ি লৈ গল চিকিত্সক দম্পতীৰ।
এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ ধনবাদত।

ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যু চিকিত্সক দম্পতী ডাঃ বিকাশ হাজৰা আৰু ডাঃ প্ৰেমা হাজৰাৰ।
জানিব পৰা মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২.৩০ বজাত ধনবাদৰ প্ৰতিষ্ঠিত ব্যক্তিগত খণ্ডৰ হাস্পতালত হাজৰা মেমােৰিয়েল হাস্পতালত এই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে।

মুহূৰ্ততে জুইৰ লেলিহান শিখাই সমগ্ৰ হাস্পতাল চৌহদৰ লগতে তাত থকা চিকিৎসাকৰ্মীৰ আৱাসতাে বিয়পি পৰে।

এই অগ্নিকাণ্ডৰ ফলতে নিজ কােঠালিতে শ্বাসৰুদ্ধ হৈ মৃত্যু ঘটে চিকিৎসক দম্পতীৰ।
ঘটনাৰ খবৰ পােৱাৰ পিছতে ৫ খনকৈ অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনত নামি পৰে।
হাস্পতালৰ দুটা মহলাৰ পৰা ৯ জনকৈ লােকক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ইতিমধ্যে ৬ জন লােকৰ প্ৰাণহানি হয়।

এই ঘটনাৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।
ইপিনে, হাস্পতালখনত জুই নিৰ্বাপনৰ পৰ্যাপ্ত সুবিধা নথকা বুলি অনুমান কৰা হৈছে।
লগতে বৈদ্যুতিক বিজুতিৰ বাবেই অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা বুলি প্ৰাথমিক তদন্তৰ অনুমান কৰা হৈছে।