মৰ্মান্তিক! ১৩ বছৰীয়া পুত্ৰক এৰি একদিনাই চিৰ বিদায় ল’লে ঢকুৱাখনাৰ এহাল দম্পতীয়ে

নিউজ ডেস্ক। ক’ভিড-১৯ৰ দ্বিতীয়টাে ঢৌত ৰাজ্যজুৰি অব্যাহত আছে মৃত্যুৰ বিভীষিকা। শেহতীয়াকৈ এই সংক্ৰমণে ৰাজ্যৰ বহু চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতাে ধাৰণ কৰিছে ভয়াৱহ ৰূপ।

ইপিনে, ক’ভিড-১৯ৰ সংক্ৰমণত একেদিনাই স্বামী-স্ত্ৰীৰ মৃত্যুৰ ঘটনাই তীব্ৰ শােকৰ ছাঁ পেলাইছে লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ আমকটীয়া গাঁৱত।

জানিব পৰা মতে, ক’ভিড-১৯ত আক্রান্ত হৈ একেদিনাই চিৰ বিদায় ল’লে গাঁওখনৰ দুদুল মোহন বৰুৱা (৫১) আৰু তেওঁৰ সহধৰ্মিণী মীৰা ওজা বৰুৱা (৪৫)ই।

অকালতে নিঠৰুৱা হৈ পৰিল তেওঁলোকৰ ১৩ বছৰীয়া একমাত্র সন্তান।

জানিব পৰা মতে ঢকুৱাখনাৰ আমকটীয়া গাঁৱৰ দুদুল মোহন বৰুৱাই কর্মসূত্রে দীর্ঘদিন ডিগবৈত বাস কৰিছিল।

তেওঁ ডিগবৈ তেল শোধনাগাৰৰ অধীনৰ এটা কোম্পানীত অস্থায়ী ইলেক্ট্রিচিয়ান ৰূপে কর্মৰত আছিল। কৰ্মসূত্ৰে তেওঁ ৰামনগৰৰ এটা ভাৰাঘৰত পত্নী মীৰা ওজা বৰুৱা আৰু একমাত্র সন্তান নয়নকৃষ্ণ বৰুৱা (১৩)ৰ সৈতে বাস কৰিছিল।

হঠাৎ কোম্পানী ফালৰ পৰা নিৰ্দেশ আহিল ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত ক’ভিড-১৯ৰ প্ৰতিষেধক ল’লেহে কোম্পানীৰ কৰ্মত নিয়োজিত হ’ব পাৰিব।

সেয়ে তেওঁ ভেকচিন ল’বলৈ বুলি ডিগবৈৰ তেওঁ থকা সমীপৱৰ্তী ভেকচিন চেন্টাৰত গৈ ভেকচিন ল’বলৈ লাইন পাতিলে।

ভেকচিন লোৱাৰ পূর্বেই স্বাস্থ্য বিভাগৰ লোকে কৰা পৰীক্ষাত তেওঁ ক’ভিড পজিটিভ হিচাপে চিনাক্ত হয়। তেতিয়াই তেওঁক ডিব্রুগড়ৰ বিশেষ ক’ভিড হাস্পতাললৈ প্রেৰণ কৰা হয়।

তিনিদিন মানৰ পিছত স্বামীৰ শুশ্ৰূষাত থকা তেখেতৰ পত্নীও ক’ভিডত আক্ৰান্ত হৈ ক’ভিড কেয়াৰ চেন্টাৰত থাকিব লগীয়া হ’ল।

কিন্তু ক্ৰমাৎ দুয়ােৰে স্বাস্থ্যৰ অৱনতি ঘটাত ২৭ জুনৰ দিনা প্ৰথমে পত্নী আৰু একেটা দিনৰ কিছু সময়ৰ পিছতে স্বামীৰ মৃত্যু হয়।

পিতৃ–মাতৃক ক’ভিডৰ বাবে একে সময়তে হেৰুৱাই বেদনাত মুক হৈ পৰিছে নিঠৰুৱা সন্তান ১৩ বছৰীয়া নয়নকৃষ্ণ বৰুৱা।

সম্প্রতি টেঙাখাতৰ মোমায়েকৰ ঘৰত থকা শিশুটিৰ ভৱিষ্যতক লৈ গভীৰ চিন্তাত পৰিছে আত্মীয়সকল।

Leave a Comment