মৰ্মান্তিক! ৪ দিনৰ ছুটীত ঘৰলৈ গৈ আকৌ ঘূৰি নাহিল সংবাদকৰ্মী ডলী, পিতৃৰ সৈতে মাংস কিনিবলৈ যাওতেই আল্ট্ৰা বাছৰ খুন্দাত হেৰুৱালে প্ৰাণ…

মৰ্মান্তিক! ৪ দিনৰ ছুটীত ঘৰলৈ গৈ আকৌ ঘূৰি নাহিল সংবাদকৰ্মী ডলী, পিতৃৰ সৈতে মাংস কিনিবলৈ যাওতেই আল্ট্ৰা বাছৰ খুন্দাত হেৰুৱালে প্ৰাণ…

January 30, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ ৪ দিনৰ ছুটী লৈ ঘৰলৈ গৈ কৰ্মস্থলীলৈ আৰু ঘূৰি নাহিল যুৱ সংবাদকৰ্মী ডলী।

ঘৰলৈ যোৱাৰ আনন্দত পিতৃৰ সৈতে বজাৰলৈ মাংস কিনিবলৈ যাওতেই তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱায় যুৱতীগৰাকীয়ে।

আনহাতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ডলীৰ পিতৃ বৰ্তমান সংকটজনক অৱস্থাত হাস্পতালত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে, মহানগৰীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ ডলী হাজৰিকা।

শেহতীয়াকৈ ৪ দিনৰ ছুটী লৈ তেওঁ ঘৰলৈ গৈছিল।

সোমবাৰে পিতৃ দিলীপ হাজৰিকাৰ সৈতে ডলীয়ে মাংস কিনিবলৈ বজাৰলৈ যোৱাৰ সময়তে সন্তপুৰত এখন তীব্ৰবেগী আল্ট্ৰা বাছে মহটিয়াই লৈ যায় পিতৃ-কন্যাক।

এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় ডলী হাজৰিকাই।

আনহাতে গুৰুতৰভাৱে আহত হয় পিতৃ দিলীপ হাজৰিকা।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

নিষ্ঠাবান সংবাদকৰ্মী গৰাকীৰ অকাল মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অসমৰ সংবাদ জগতখনত।