মৰ্মান্তিক! ৮৪ ঘণ্টা ধৰি অভিযান চলিল ৪০০ ফুট দ ব’ৰৱেলত আৱদ্ধ কণমানি তন্ময়ৰ উদ্ধাৰৰ বাবে, তথাপিও নাবাচিল প্ৰাণ…

নিউজ ডেস্কঃ ৮৪ ঘণ্টা ধৰি চলোৱা ধাৰাবাহিক উদ্ধাৰ অভিযানেও জীৱন ঘূৰাই দিব নোৱাৰিলে কণমানি তন্ময়ৰ।

পথাৰৰ মাজৰ ৪০০ ফুট দ বৰৱে’লত বিগত ৪ দিন ধৰি আৱদ্ধ হৈ থাকি অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে ৮ বছৰীয়া এটি শিশুৱে।

এই শোকাবহ ঘটনাই এতিয়া জোকাৰি গৈছে মধ্যপ্ৰদেশৰ লগতে সমগ্ৰ দেশ! শিশুটিৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে পৰিয়াল।

উল্লেখ্য যে, মধ্যপ্ৰদেশৰ বেতুল জিলাৰ মাণ্ডৱী গাঁৱত মঙলবাৰে সংঘটিত হৈছিল এক অঘটন।

সন্ধিয়া সমনীয়াৰ সৈতে খেলি থকাৰ সময়তে চুবুৰীয়াৰ পথাৰত নিৰ্মাণ কৰা ৪০০ ফুট দ ব’ৰৱেলত পিচলি পৰিছিল ৮ বছৰীয়া তন্ময় নামৰ শিশুটি।

ইফালে তন্ময়ৰ পিতৃ-মাতৃয়ে শিশুটিক বিচাৰি নাপাই বিচাৰ খোচাৰ আৰম্ভ কৰোতেই ব’ৰৱেলৰ ৩৯ ফুট তলত আৱদ্ধ হৈ থকা শিশুটিক প্ৰত্যক্ষ কৰে।

ইয়াৰ পিছতে পৰিয়ালে আৰক্ষীক অৱগত কৰাত সন্ধিয়া প্ৰায় ৭ বজাত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ শিশুটিৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে।

ইফালে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও জৰুৰী বৈঠক আহ্বান কৰি শিশুটিৰ উদ্ধাৰৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

মঙলবাৰে নিশাই ঘটনাস্থলীত এনডিআৰএফ আৰু এছডিআৰএফ বাহিনী উপস্থিত হৈ ব’ৰৱেলৰ কাষতে ৪৪ ফুট দ আন এটা গাঁত খান্দিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছতে শুকুৰবাৰে সেই গাঁতৰ পৰা সুৰংগ নিৰ্মাণ কৰি আৱদ্ধ তন্ময়ৰ উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলা হয়।

এই সমগ্ৰ উদ্ধাৰ প্ৰক্ৰিয়াত সময় লাগিছিল প্ৰায় ৮৪ ঘণ্টা। কিন্তু এই সময়ছোৱা ব’ৰৱেলৰ ভিতৰতে আৱদ্ধ হৈ থাকি ইতিমধ্যে অচেতন হৈ পৰিছিল তন্ময়।

যাৰ ফলত শনিবাৰে পুৱাৰ ভাগত শিশুটিক উদ্ধাৰৰ সময়তে মৃত্যু ঘটে তন্ময়ৰ।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তন্ময়ৰ মৃত্যুত শোক প্ৰকাশ কৰি পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদানৰ ঘোষণা কৰিছে।

আনহাতে উদ্ধাৰ অভিযান চলোৱাত পলম হোৱাৰ বাবেই তন্ময়ে এনেদৰে মৃত্যুক সাৱটি ল’বলগীয়া হ’ল বুলি অভিযোগ কৰিছে পৰিয়াল আৰু আত্মীয়ই।