
যাত্ৰী নহয়, পাইলট- সহ পাইলট হৈ বিমান উৰুৱালে মাতৃ-পুত্ৰৰ
May 10, 2022নিউজ ডেস্ক। এক আৱেগিক মুহূৰ্ত!
মাতৃ দিৱসৰ দিনাই মাকৰ সহ-পাইলট হৈ পুত্ৰই উৰালে জীৱনৰ প্ৰথম বিমান।
‘মোৰ জীৱনৰ ২৪ বছৰত মই মোৰ মাৰ সৈতে বহুতো বিমানত আছিলোঁ, কিন্তু এজন যাত্ৰী হিচাপে। এইটো প্ৰথমবাৰৰ বাবে মই মোৰ মাৰ সহ পাইলট হিচাপে বিমান উৰুৱাম।’
-মাতৃ দিৱসৰ দিনা পুত্ৰৰ মন্তব্যত আৱেগিক হৈ পৰে পাইলট মাতৃ।

মাতৃ যেতিয়া সহকৰ্মী হয়, মনৰ শক্তি আৰু সাহস দুগুণে বৃদ্ধি হয়।
ইণ্ডিগোৰ এজন ২৪ বছৰীয়া সহ-পাইলটৰ কাহিনী। একেখন বিমানতে, পুত্ৰই পাইলট মাকৰ কাষত বহি জীৱনৰ প্ৰথম বিমান উৰুৱায়।
পুত্ৰ অমন ঠাকুৰে মাতৃ দিৱসত তেওঁৰ মাতৃক দিয়ে এই উপহাৰ।
When a son becomes a co-pilot of his mom on this #MothersDay.
— Ananth Rupanagudi (@Ananth_IRAS) May 9, 2022
Golden proud moment for both and very sweet! 😍 #MothersDay2022 #motherson #aviation pic.twitter.com/62uyBLZUeU
বিমানত উথাৰ লগে লগে মাকক আচৰিত কৰি তেওঁৰ পুত্ৰই যাত্ৰীসকলৰ সন্মুখত এক আৱেগিক ঘোষণা কৰে, “মোৰ জীৱনৰ ২৪ বছৰত মই মোৰ মাৰ সৈতে বহুতো বিমানত আছিলোঁ, কিন্তু এজন যাত্ৰী হিচাপে। এইটো প্ৰথমবাৰৰ বাবে মই মোৰ মাৰ সংগী হিচাপে বিমান উৰুৱাম। মোৰ মা এগৰাকী পাইলট, আৰু মই এগৰাকী সহ-পাইলট। “

পুত্ৰৰ মাত শুনি মাক ককপিটৰ পৰা ওলাই আহে। মাকক ফুলৰ থোপা এটা উপহাৰ দি মাতৃ দিৱসৰ শুভেচ্ছা জনাই অমনে।

এই আৱেগত মুহুৰ্তৰ সাক্ষী হয় বিমান যাত্ৰীসকল।
অমনৰ ভিডিঅ’ ইণ্ডিগোৰ অফিচিয়েল ফেচবুক পৃষ্ঠাত ভাইৰেল হৈ পৰে।